এলএচিত চীনৰ ভূমিকাক গৰিহণা ভাৰতৰ
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ লাডাখৰ এল এ চিত চীনৰ ভূমিকাক কঠোৰ ভাষাৰে গৰিহণা দিছে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে৷ প্রতিৱেশী ৰাষ্ট্র চীনে এল এ চিত যথাস্থিতি সলনি কৰিবলৈ দখলদাৰী পদক্ষেপ গ্রহণ কৰাৰ বাবে প্রতিৰক্ষা মন্ত্রালয়ে গৰিহণা দিয়াৰ লগতে ৰঙা চীনৰ যিকোনো দুঃসাহসিক কার্যক প্রত্যাহ্বান জনাবলৈ ভাৰতীয় সেনা সাজু হৈ আছে বুলি সকীয়নি দিছে৷ প্রতিৰক্ষা মন্ত্রালয়ে বার্ষিক পর্যালোচনা প্রতিবেদনত এল এ চিত বলপূর্বকভাৱে চীনে যথাস্থিতি সলনি কৰাৰ বাবে একপক্ষীয় আৰু প্রৰোচনামূলক পদক্ষেপ গ্রহণ কৰা বুলি গৰিহণা দিছে৷ আনপিনে নতুন দিল্লী আৰু বেইজিঙে আলোচনাৰ জৰিয়তে শান্তিপূর্ণভাৱে সীমান্তৰ সমস্যা সমাধান কৰাৰ বাবে চেষ্টা চলাই থকা বুলি উল্লেখ কৰি প্রতিবেদনত চীনৰ যিকোনো আগ্রাসী পদক্ষেপ প্রতিহত কৰাৰ বাবে সেনা সাজু হৈ আছে বুলি উল্লেখ কৰিছে৷
২০২০ বর্ষৰ ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ প্রসংগ উল্লেখ কৰি এই সংঘর্ষৰ সময়ত চীনৰো বৃহৎ ক্ষতি হোৱা বুলি উল্লেখ কৰিছে৷ দখলদাৰী মানসিকতাৰ চীনে এল এ চিত উত্তেজনা অব্যাহত ৰখাৰ বাবে গোপনে ভাৰতবিৰোধী কার্যকলাপ চলাই থকাৰ প্রসংগ উল্লেখ কৰি গালৱান উপত্যকাত চীনা সৈন্যই অপ্রচলিত অস্ত্র ব্যৱহাৰ কৰা বুলিও প্রতিবেদনত সন্নিৱিষ্ট কৰিছে৷