তিনি বছৰত চীনৰ সমকক্ষ হ’ব ভাৰত
📌 বিশ্ববেংকৰ মুৰব্বী অজয় বাংগাৰ মন্তব্য
বিশেষ বাৰ্তা, ২২ জুলাই : আগন্তুক ৩ৰ পৰা ৫ বছৰৰ ভিতৰত উৎপাদন ক্ষেত্রত চীনৰ সমকক্ষ হৈ উঠিব পাৰে ভাৰত ৷ বিশ্ববেংকৰ মুৰব্বী অজয় বাংগাই এই মন্তব্য কৰিছে ৷ বিশ্ববেংকৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ পিছত প্রথমবাৰলৈ ভাৰত ভ্রমণ কৰে ভাৰতীয় বংশোদ্ভৱ আমেৰিকান অর্থনীতিবিদগৰাকীয়ে ৷ ভাৰতলৈ আহিয়েই বাংগাই উল্লেখ কৰে যে বিগত বিত্তীয় বর্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৭ শতাংশৰো অধিক ৷ সেই বিষয়টোক গুৰুত্বসহকাৰে ল’লে আগন্তুক কেইবছৰমানৰ ভিতৰত উৎপাদন ক্ষেত্রত ভাৰত চীনৰ সমকক্ষ হৈ পৰিব পাৰে বুলি ধাৰণা কৰা যায় বুলিও উল্লেখ কৰে বাংগাই ৷ ভাৰতে দাৰিদ্র্য দূৰীকৰণৰ ক্ষেত্রত যথেষ্ট সফলতা লাভ কৰা বুলিও বিশ্ববেংকৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে ৷