নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলৰ ভাৰতীয় দূতাৱাস সুৰক্ষিত

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ তালিবানশাসিত আফগানিস্তানৰ কাবুলস্থিত ভাৰতীয় দূতাৱাস সুৰক্ষিত হৈ আছে৷ কাবুলৰ দূতাৱাস সম্প্রতি পৰিচালিত হৈ আছে৷ এই দূতাৱাসত থকা স্থানীয় কর্মচাৰীসকলক দৰমহাৰ লগতে ব্যৱস্থাপনা মাচুল আদায় দিয়া হৈছে৷ কেন্দ্রীয় চৰকাৰৰ শীর্ষ বিষয়াই এই বিষয়ে সদৰী কৰিছে৷

বৈদেশিক পৰিক্রমা মন্ত্রালয়ে কাবুল দূতাৱাসৰ সৈতে নিয়মীয়াকৈ সংযোগ ৰক্ষা কৰি আছে আৰু তাত থকা কর্মচাৰীসকলৰ সুৰক্ষাৰ বিষয়টো নতুন দিল্লীয়ে অহৰহ গুৰুত্ব দি আহিছে৷

উল্লেখ্য যে চর্চিত মতে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ কাবুলত ভাৰতীয় দূতাৱাস সঠিকভাৱে পৰিচালিত হৈ থকা নাই আৰু ধনৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে৷ এই তথ্যক নস্যাৎ কৰি কেন্দ্রীয় চৰকাৰৰ শীর্ষ সূত্রই কয় যে সম্প্রতি কাবুলৰ ভাৰতীয় দূতাৱাস সুৰক্ষিত আৰু সঠিকভাৱে চলি আছে৷

চৰকাৰী সূত্রই প্রকাশ কৰা মতে, কাবুলৰ পৰা কিছুসংখ্যক ভাৰতীয় নাগৰিক উভতি আহিছে৷

You might also like