নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী কৃত্ৰিম উপগ্ৰহ লৈ মহাকাশলৈ ভাৰতৰ পিএছএলভি-চি৫৬

বিশেষ বাৰ্তা, ৩০ জুলাই : সাতটা বিদেশী কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই মহাকাশলৈ উৰা মাৰিলে ভাৰতীয় ৰকেট । দেওবাৰে পুৱা ইছৰোৰ পিএছএলভি-চি৫৬ ৰকেটৰ জৰিয়তে ছিংগাপুৰৰ ৭টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয়। এই কৃত্ৰিম উপগ্ৰহবোৰক ইছৰোৰ মহাকাশযানে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰে। ছিংগাপুৰত থকা ভাৰতীয় দূতাৱাসে ইছৰোৰ সফল আৰম্ভণিৰ কথা ঘোষণা কৰে। এক টুইটত কোৱা হৈছে- ‘ভাৰত আৰু ছিংগাপুৰৰ যৌথ উদ্যোগত আন এক মহাকাশকেন্দ্ৰিক সফলতা আহিছে। ছিংগাপুৰে ইছৰোৰ জৰিয়তে সাতটা কৃত্ৰিম উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে।’ দেওবাৰে পুৱা প্ৰায় ৬:৩০ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চিং পেডৰ পৰা নিক্ষেপ কৰা হয় পি এছ এল ভি-চি ৫৬ ৰকেট। সাতটা বিদেশী কৃত্ৰিম উপগ্ৰহৰ ভিতৰত ডিএছ-এছএআৰ হৈছে প্ৰাথমিক উপগ্ৰহ। ইয়াৰ বাহিৰেও ইয়াৰ লগত আৰু ছটা উপগ্ৰহ আছে। এই উপগ্ৰহসমূহে মহাকাশত নিৰ্দিষ্ট কক্ষপথৰ পৰা পৃথিৱীখন নিৰীক্ষণ কৰি ছবি প্ৰেৰণ কৰিব। উল্লেখ্য যে শেহতীয়াকৈ ১৪ জুলাইত ইছৰোৱে চন্দ্ৰযান-৩ক মহাকাশলৈ প্ৰেৰণ কৰে, যাৰ গন্তব্যস্থান চন্দ্ৰ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত ৰভাৰ প্ৰজ্ঞানে সফলতাৰে অৱতৰণ কৰে, তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব। সেই লক্ষ্যৰ দিশে আগবাঢ়িছে ইছৰোৰ মহাকাশযান।

You might also like