নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত ভাৰতৰ কার্যক লৈ ক্ষুব্ধ নেপাল

নিয়মীয়া বার্তা, ৩১ মে’: হিমালয়ান ৰাষ্ট্র নেপালত ভাৰতৰ সীমান্তৰ কাম–কাজে তীব্র ক্ষোভৰ উদ্গীৰণ ঘটাইছে৷

স্মর্তব্য যে চলিত মাহৰ আৰম্ভণিতে লিপু লেখ হিমালয়ান গিৰিপথৰ ৮০ কিলোমিটাৰ দৈর্ঘ্যৰ এক নতুন পথ মুকলি কৰিছিল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এই পথটোৱে ভাৰত আৰু চীনৰ মাজত বাণিজ্যৰ ক্ষেত্রত অধিক সুযোগ সৃষ্টি কৰিব৷ চীন আৰু ভাৰতৰ বাণিজ্যৰ বাবে আটাইতকৈ চমু পথ হৈছে লিপু লেখ গিৰিপথৰ এই নতুন পথটো৷

শেহতীয়াকৈ এই পথক লৈয়ে প্রতিক্রিয়া প্রকাশ কৰিছে নেপাল চৰকাৰে৷ ভাৰতে বিবদমান সীমান্তত পথ নির্মাণ কৰাৰ ফলত দক্ষিণ এছিয়াৰ প্রতিৱেশী ৰাষ্ট্রসমূহৰ মাজত কেইবা শতাব্দী প্রাচীন ঐতিহাসিক, সামাজিক আৰু অর্থনৈতিক সম্পর্কৰ অৱনতি ঘটিব বুলি নেপালে অভিযোগ কৰিছে৷ ভাৰতৰ এনে কার্যৰ বিৰুদ্ধে শেহতীয়াকৈ হিমালয়ান ৰাষ্ট্রখনৰ সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে৷

বিভিন্ন মতপার্থক্য পৰিহাৰ কৰি ৰাজনৈতিক দলবোৰে ভাৰতৰ এই পদক্ষেপক গৰিহণা দিছে৷ লক্ষণীয়ভাৱে দেশখনৰ প্রধানমন্ত্রী কেপি শর্মা অ’লিয়ে শেহতীয়াকৈ নেপালৰ এক নতুন ৰাজনৈতিক মানচিত্র মুকলি কৰিছে৷

You might also like