নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ আহ্বান- গর্ভধাৰণ নকৰিব

নিয়মীয়া বাৰ্তা, ১২ জুনঃ ইন্দোনেছিয়াৰ চহৰসমূহত বিগত মে’ মাহত কেইবাখনো চৰকাৰী বাহনত লাউডস্পিকাৰত এক বিশেষ ঘোষণা কৰা হৈছিল । এই ঘোষণাটোত কোৱা হৈছিল যে- “আপুনি সম্ভোগ (sex) কৰিব পাৰে। আপুনি বিবাহ কৰিবও পাৰে। কিন্তু গর্ভৱতী হ’ব নোৱাৰিব ।”
ইপিনে স্বাস্থ্যকর্মীয়ে এখন কাগজ পাইছিল য’ত লিখা আছিল- “দেউতা, নিজকে নিয়ন্ত্রণ কৰক। আপুনি বিবাহ কৰিব পাৰে। যেতিয়ালৈকে আপুনি গর্ভনিৰোধক ব্যৱহাৰ কৰিব, তেতিয়ালৈকে আপুনি সম্ভোগ (sex) কৰিব পাৰিব।”
ইন্দোনেছিয়াৰ চৰকাৰে দেশখনত ক’ৰোনা ভাইৰাছ বাবে সম্ভাব্য অনিচ্ছাকৃত পৰিণতি সম্পর্কে উদ্বিগ্ন হৈ জনসংখ্যা বৃদ্ধিত বাধা প্ৰদান কৰিবলৈ এই বিশেষ পদক্ষেপ লোৱা বুলি “দ্যা নিউয়ৰ্ক টাইমছ”ত প্ৰকাশ পাইছে ।
এক তথ্য মতে, ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশখনত দিয়া লকডাউনত সকলো লোকেই নিজ ঘৰতে আবদ্ধ হৈ আছিল । কিন্তু দেশখনৰ ৰাষ্ট্ৰীয় জনসংখ্যা ও পৰিয়াল পৰিকল্পনা সংস্থাই ফাৰ্মাচী আৰু হাস্পতালসমূহৰ ডাটা সংগ্ৰহ কৰাত পোহৰলৈ আহিছে যে এই সময়ছোৱাত দেশখনৰ প্রায় ১০ মিলিয়ন বিবাহিত দম্পতিয়ে গর্ভনিৰোধক ব্যৱহাৰ বন্ধ কৰিছিল ।
বহু সংখ্যক লোকে ক’ৰোনাৰ সংক্ৰমণৰ ভয়ত ফাৰ্মাচী আৰু হাস্পতালসমূহলৈ গৈ গর্ভনিৰোধক সামগ্ৰী ক্ৰয় কৰা নাছিল ।
এতিয়া দেশখনৰ বিষয়াসকলে অনুমান কৰা অনুসৰি, অহা বৰ্ষত দেশখনত অপৰিকল্পিতভাৱে জন্মৰ হাৰ বৃদ্ধি ঘটিব । যাৰ ভিতৰত বেছি ভাগেই দৰিদ্র পৰিয়ালৰ আৰু পূৰ্বৰ পৰায়ে তেওঁলোক জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আহিছে ।
You might also like