ভ্রূণৰ হূদস্পন্দন বন্ধ কৰা সম্ভৱ নহয়
🔹 সংবেদনশীল এক গর্ভপাতৰ গোচৰত ২৬ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাৰ আবেদন খাৰিজ শীর্ষ আদালতৰ
বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : সংবেদনশীল এক গর্ভপাতৰ গোচৰত ২৬ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাৰ আবেদন খাৰিজ কৰি দিছে দেশৰ শীর্ষ আদালতে৷ ৰায় দিছে গর্ভপাত নকৰিবলৈ৷ ৰায় ঘোষণাৰ পূর্বে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে গর্ভস্থ শিশু সম্পূর্ণ সুস্থ৷ শিশুটোৰ শাৰীৰিক গঠনত কোনোধৰণৰ অস্বাভাৱিকতা নাই৷ এনে অৱস্থাত উচ্চতম ন্যায়ালয়ৰ স্পষ্ট মত যে হূদস্পন্দন বন্ধ কৰা নহ’ব৷ আবেদনকাৰী ২৬ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাৰ পূর্বে দুটা সন্তান আছে৷ মানসিক অৱসাদসহ একাধিক অসুস্থতা আছে মহিলাগৰাকীৰ৷ উচ্চতম ন্যায়ালয়ত মহিলাগৰাকীয়ে জনায় যে নতুনকৈ সন্তান পালন তেওঁৰ পক্ষে সম্ভৱ নহয়৷ চিকিৎসকসকলেও মহিলাগৰাকীয়ে মাতৃত্বকালীন অৱসাদত ভুগি থকা বুলি মন্তব্য কৰিছে৷ গতিকে মহিলাগৰাকীয়ে গর্ভপাতৰ অনুমতি বিচাৰি ন্যায়ালয়ত আবেদন জনায়৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ ভিন্ন বিচাৰপীঠত মহিলাৰ আবেদন বিবেচনা কৰি অনুমতিও দিয়া হৈছিল৷ যোৱা মঙলবাৰে এই নির্দেশ পুনৰ বিবেচনাৰ সিদ্ধান্ত লয় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ বিচাৰপীঠে৷ নতুন নির্দেশৰ অন্তৰালত আছে এইমছৰ মেডিকেল ব’ৰ্ডৰ এক প্রতিবেদন৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে গর্ভস্থ শিশুৰ বিকাশ স্বাভাৱিক৷ শিশুটিৰ জীৱিত থকাৰ সম্ভাৱনা প্রবল৷ ইয়াৰ পিছতে ক্ষোভ প্রকাশ কৰি উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা মন্তব্য কৰা হয়– ‘ভ্রূণৰ হূদস্পন্দন স্তব্ধ কৰাৰ নির্দেশ কোন আদালতে দিব পাৰে!’