২২ নিযুত ডলাৰত বিক্রী জেকছনৰ নেভাৰলেণ্ড ৰেনচ
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ প্রখ্যাত প’প ষ্টাৰ মাইকেল জেকছনৰ কেলিফ’র্নিয়াৰ নেভাৰলেণ্ড ৰেনচ বিক্রী হৈছে ২২ নিযুত ডলাৰত৷ জেকছনৰ প্রাক্তন বন্ধু ৰন বার্কলেই কেলিফ’র্নিয়াৰ নেভাৰলেণ্ড ৰেনচ হিচাপে পৰিচিত ল’জ অ’লিভোছ ইষ্টেট ক্রয় কৰিছে৷ বার্কলেই মুখপাত্রগৰাকীয়ে উল্লেখ কৰা অনুসৰি ২২ নিযুত ডলাৰৰ ৪ ভাগৰ ১ অংশ ইতিমধ্যে আদায় দিয়া হৈছে৷
ৱার্ল ষ্ট্রিট জার্নালে প্রকাশ কৰা প্রতিবেদন অনুসৰি ২৭শ একৰ ভূমিৰ এই অট্টালিকা তথা চৌহদ ২০১৫ত ১০০ নিযুত ডলাৰত বিক্রী কৰাৰ বাবে চিন্তা–চর্চা কৰা হৈছিল৷ কিন্তু পৰৱর্তী সময়ত ইয়াৰ মূল্য হ্রাস কৰা হয়৷ ১৯৮৭ চনত গায়ক জেকছনে ১৯.৫ নিযুত ডলাৰত ল’ছ অ’লিভোছ ইষ্টেট ক্রয় কৰিছিল৷
উল্লেখনীয় যে পৰৱর্তী সময়ত নিজৰ অতি পছন্দৰ বাসগৃহ হিচাপে জেকছনে ইয়াক ব্যৱহাৰ কৰিছিল৷ স্মর্তব্য যে জে এম বেৰীৰ পিটাৰ পান ষ্ট’ৰীৰ এক কাল্পনিক দ্বীপৰ নামেৰে জেকছনে ইয়াৰ নাম ৰাখিছিল নেভাৰলেণ্ড ৰেনচ৷