নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন বাণিজ্যিক সংস্থা আমাজ’নৰ পৰা বেজ’ছৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ অনলাইন বাণিজ্যিক সংস্থা আমাজ’নৰ পৰা পদত্যাগ কৰিছে জেফ বেজ’ছে৷ ২৭ বছৰ পূর্বে আমাজ’ন প্রতিষ্ঠা কৰিছিল বেজ’ছে৷ এই বাণিজ্যিক প্রতিষ্ঠানৰ উপার্জনেৰেই বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী ব্যক্তিত পৰিণত হৈছিল বেজ’ছ৷ কিন্তু শেহতীয়াকৈ সংস্থাটোৰ পৰা অতি নিম্নমানৰ সামগ্রী প্রস্তুত কৰা বিষয়টোত ব্যথিত হৈ পদত্যাগ কৰিছে বেজ’ছে৷

শেহতীয়াকৈ বেজ’ছৰ কাৰিকৰী উপদেষ্টা কলিন ব্রায়াৰে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ ব্রায়াৰৰ মতে বেজ’ছে পদত্যাগ কৰিছে যদিও সবিশেষ তথ্য এতিয়াও সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাই৷

You might also like