ইথি’পিয়াৰ পৰা ইহুদী ধর্মাৱলম্বী লোকৰ ইজৰাইললৈ যাত্রা
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ইথি’পিয়াৰ পৰা ইজৰাইললৈ যাত্রা কৰিছে কেইবাশ ইহুদী লোকে৷ দীর্ঘদিন ধৰি ইথি’পিয়াত বাস কৰি থকা এই ইহুদী লোকসকলক ইজৰাইলে গৃহভূমিত স্থান দিব বুলি ঘোষণা কৰি আহিছে যদিও এইক্ষেত্রত বিশেষ অগ্রগতি পৰিলক্ষিত হোৱা নাছিল৷ কেইবাহাজাৰো ইহুদী লোকে দশকৰ পিছত দশক ধৰি ইজৰাইল যাত্রাৰ বাবে প্রতীক্ষা কৰিবলগীয়া হৈছে৷
স্মর্তব্য যে সমগ্র বিশ্বৰ ইহুদী লোকক গৃহভূমিত স্থান দিব বুলি ঘোষণা কৰি আহিছে ইজৰাইল চৰকাৰে৷ লক্ষণীয়ভাৱে ইথি’পিয়াৰ টিগ্রে অঞ্চলত সংঘর্ষ চলি থকা বাবেই বহু ইহুদী লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ বহুতে অস্থায়ী আশ্রয়গৃহত কটাবলগীয়া হৈছে৷ ইয়াৰ বাবেই ইজৰাইলে ক্ষিপ্রতাৰে ইহুদী লোকসকলক গৃহভূমিলৈ অনাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷