ইমৰানৰ পদত্যাগৰ দাবীত উত্তাল কৰাচী
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ পদত্যাগৰ দাবীত শেহতীয়াকৈ দেশখনৰ কেইবাখনো মহানগৰ উত্তাল হৈছে৷ আজি নটাকৈ বৃহৎ বিৰোধী দলে ‘পাকিস্তান ডেম’ক্রেটিক মুভমেণ্ট’ (পিডিএম) নামৰ উমৈহতীয়া এক মর্চাৰ বেনাৰৰ তলত ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ বাবে কৰাচী চহৰত উলিয়ায় প্রতিবাদী সমদল৷ এই প্রতিবাদী সমদলত বিগত নির্বাচনত ইমৰান খানে ব্যাপক অনিয়ম সংঘটিত কৰিছিল বুলি অভিযোগ অনা হৈছে৷
২০১৮ চনত সামৰিক বাহিনীয়ে ইমৰান খানক দেশখনৰ ক্ষমতাত বহুৱাইছিল বুলি এই বিৰোধী দলবোৰে অভিযোগ কৰিছে৷ স্মর্তব্য যে যোৱা মাহত ইমৰান খান চৰকাৰৰ বিৰুদ্ধে সৰৱ প্রতিবাদ সাব্যস্ত কৰি ৯টাকৈ বিৰোধী দলে গঠন কৰিছিল উমৈহতীয়া মঞ্চ পি ডি এম৷ আজিৰ এই প্রতিবাদী সমদলত প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ দুহিতা মৰিয়মে ইমৰান খানৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা আগবঢ়ায়৷ ইমৰান খান চৰকাৰে পাকিস্তানী কর্মঠ যুৱক–যুৱতীসকলৰ্ মুখৰ ভাত কঢ়া বুলিও অভিযোগ কৰে মৰিয়মে৷ আনকি ইমৰান খানৰ বাবেই এতিয়া পাকিস্তানত কেৱল নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে মৰিয়মে৷ একে সময়তে অন্য এগৰাকী বিৰোধী নেতা বিলৱাল ভূট্টো জর্দাৰীয়েও ইমৰান খান চৰকাৰে পাকিস্তানৰ কৃষকসকলক অনাহাৰে মৰিবলৈ এৰি দিয়া বুলি অভিযোগ কৰিছে৷
গোলকীয় মহামাৰীৰ সময়ত পাকিস্তানৰ অর্থনীতি বিধ্বস্ত হৈ পৰিছে৷ ইয়াৰ বাবে ইমৰান খান চৰকাৰ জগৰীয়া বুলি প্রত্যক্ষ অভিযোগ আনিছে বিৰোধী নেতাসকলে৷ আজি ১৫ সহস্রাধিক লোকে কৰাচী চহৰত খানৰ পদত্যাগৰ দাবীত প্রতিবাদী সমদল উলিওৱাৰ সময়তে বিদেশতো বেলুচ নেতা তথা কর্মীসকলে এই প্রতিবাদক সমর্থন জনাইছে৷ ইফালে, ইমৰান খানক কঠোৰ সমালোচনা কৰাৰ পিছতে মৰিয়ম নৱাজৰ স্বামী কেপ্ঢেইন ছফদাৰ আৱানক আজি কৰাচীৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷