নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হামাছৰ দৰেই খালিস্তানীয়ে আক্রমণ চলাব ভাৰতত !

🔹 ‘শিখছ ফৰ জাষ্টিচ’ৰ মুৰব্বী পান্নুনৰ ভাবুকি

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন আল–কাছিম ব্রিগেডে যিধৰণে ২০ মিনিটৰ ভিতৰত ৫ হাজাৰ ৰকেটেৰে আক্রমণ কৰি ইজৰাইলৰ বিস্তীর্ণ অঞ্চল বিধ্বস্ত কৰিছে, সেই একেই ধৰণৰ আক্রমণ চলোৱা হ’ব ভাৰতত৷ অলপতে নতুন এক ভিডিঅ’ বার্তাত এই দাবী কৰিলে ভাৰতত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠন ‘শিখছ ফৰ জাষ্টিচ’ (এছএফজে)ৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে৷ ভিডিঅ’ বার্তাটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ইজৰাইলৰ পৰিণতিৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনাই কয় যে ভাৰতে যদি পঞ্জাবত দখলদাৰী অক্ষত ৰাখিব বিচাৰে, তেন্তে এনে পৰিণতি হ’ব৷ বৃহত্তৰ পঞ্জাবক লৈ স্বাধীন আৰু সার্বভৌম খালিস্তান ৰাষ্ট্র গঢ়াৰ পক্ষত মন্তব্য কৰি পান্নুনে কয় যে প্রয়োজন হ’লে এইক্ষেত্রত পঞ্জাবৰ সাধাৰণ মানুহৰ মতামত গ্রহণ কৰা হ’ব৷ আনকি খালিস্তানপন্থী নেতাগৰাকীয়ে এইবুলিও ভাবুকি দিয়ে যে ভাৰতে বেলট বিচাৰে নে বুলেট বিচাৰে, সেয়া ঠিক কৰি লোৱা উচিত৷ উল্লেখনীয় যে কানাডাত খালিস্তানপন্থী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ ইয়াৰ মাজতে পান্নুনৰ ভাবুকিক লৈ সৃষ্টি হৈছে ব্যাপক চর্চা৷

You might also like