নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমৰ মৃত্যুৰ সংবাদ দি ক্ষমা বিচাৰিলে দুজনে

নিয়মীয়া বাৰ্তা, ৫ মেঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উন গুৰুতৰভাৱে অসুস্থ তথা এই অসুস্থতাৰ বাবেই নেতাগৰাকীৰ মৃত্যু হোৱা বুলি দক্ষিণ কোৰিয়াবাসীক আশ্বস্ত কৰিবলৈ প্রচেষ্টা চলোৱা পূর্বৰ দুগৰাকী উত্তৰ কোৰিয়াৰ নেতাই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে৷

উল্লেখনীয় যে দক্ষিণ কোৰিয়াবাসীৰ ওচৰত ক্ষমা বিচৰা এই দুগৰাকী নেতা হৈছে উত্তৰ কোৰিয়াৰ প্রাক্তন কূটনীতিক থি য়ং হো আৰু জি ছিয়ং–হো৷ থি য়ং হো আছিল পূর্বতে ব্রিটেইনত দায়িত্ব পালন কৰা উত্তৰ কোৰিয়াৰ উপ–ৰাষ্ট্রদূত৷ ২০১৬ চনত কিমৰ শাসনৰ প্রতি অনাস্থা প্রকাশ কৰি দক্ষিণ কোৰিয়াত প্রৱেশ কৰিছিল থি য়ং হোৱে৷

ইফালে জি ছিয়ং–হোৱে কিমৰ ঘনিষ্ঠ হিচাপে পিয়ংয়াঙৰ বিভিন্ন দায়িত্ব পালন কৰিছিল৷ দুয়োগৰাকী নেতাই দক্ষিণ কোৰিয়াৰ সংসদীয় নির্বাচনত জয়লাভ কৰিছে৷ কিমৰ মৃত্যু হোৱা আৰু অসুস্থতাৰ সংবাদ দুয়োগৰাকীয়ে দক্ষিণ কোৰিয়াত প্রকাশ কৰিছিল

You might also like