বিশ্বজুৰি ৰহস্যঃ চীনা মিডিয়াৰ দাবী– ‘মৃত’; আমেৰিকাই ক’লে– অনিশ্চিত বাতৰি
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ মৃত্যুৰ বাতৰিক লৈ বিশ্বজুৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ হংকঙৰ এটা ছেটেলাইট নিউজ চেনেলত উত্তৰ কোৰিয়াৰ এই একনায়কত্ববাদী শাসকজনৰ মৃত্যু হোৱা বুলি বাতৰি সম্প্রচাৰ হোৱাৰ পাছত এইপর্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই উত্তৰ কোৰিয়াই৷ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্রয়ো এইক্ষেত্রত মৌনতা অৱলম্বন কৰিছে৷
যোৱা শুকুৰবাৰে হংকং ছেটেলাইট টেলিভিছনৰ উপ–সঞ্চালক চিজিয়ান জিংজুৱে ৩৬ বছৰ বয়সত কিম জং উনৰ মৃত্যু হোৱা বুলি বাতৰি প্রকাশ কৰিছিল৷ উল্লেখ্য যে চীনৰ বৈদেশিক মন্ত্রীগৰাকীৰ আত্মীয় এই সাংবাদিকগৰাকী চীনৰ প্রভাৱশালী সাংবাদিক ৰূপে পৰিচিত আৰু দেশখনৰ ছ’চিয়েল মিডিয়া ৱেবত তেওঁৰ প্রায় ডেৰ কোটি অনুগামী আছে৷ সাংবাদিকগৰাকীয়ে তেওঁ নির্ভৰযোগ্য সূত্রৰ উদ্ধৃতিৰে এই বাতৰি প্রকাশ কৰা বুলি ঘোষণা কৰাৰ লগতে বাতৰিটো সত্য বুলি দোহাৰে৷ ইতিমধ্যে জাপানৰ এক সংবাদ মাধ্যমেও কিম জং উনৰ হূদযন্ত্রৰ এক জটিল অস্ত্রোপচাৰ হোৱা পাছত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হোৱা বুলি সদৰী কৰিছিল৷
উল্লেখ্য যে যোৱা ১১ এপ্রিলত উত্তৰ কোৰিয়াৰ প্রতাপী শাসকজনক শেষবাৰৰ বাবে ৰাজহুৱা স্থানত দেখা গৈছিল৷ তাৰ পাছত দেশখনৰ সংবাদ মাধ্যম তথা ৰাজহুৱা অনুষ্ঠানত তেওঁৰ অনুপস্থিতিয়ে অসুস্থতা সম্পর্কীয় বাতৰিসমূহক লৈ বিশ্বজুৰি জল্পনা–কল্পনা সৃষ্টি কৰে৷ বিশেষকৈ যোৱা ১৫ এপ্রিলত উত্তৰ কোৰিয়াৰ ‘ডে’ অৱ দ্য ছান’ নামৰ সবাতোকৈ গুৰুত্বপূর্ণ ৰাষ্ট্রীয় অনুষ্ঠানটোত কিম জং উন অনুপস্থিত থকা বিষয়টোৱে বিশ্বৰ সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকর্ষণ কৰে৷ উল্লেখ্য যে কিমৰ ককাক তথা উত্তৰ কোৰিয়াৰ জাতিৰ পিতা বুলি পৰিচিত কিম চাং (দ্বিতীয়)ৰ জন্মদিনটো প্রতিবছৰে ৰাষ্ট্রীয় উৎসৱ হিচাপে ১৫ এপ্রিলত পালন কৰা হয়৷ এই অনুষ্ঠানত দেশৰ মুৰব্বীজনৰ অনুপস্থিতি তাৎপর্যপূর্ণ বুলি সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছতেই যোৱা ১২ এপ্রিলত উত্তৰ কোৰিয়াৰ এখন উপকূলীয় ৰিজ’টত কিম জং উনৰ হূদযন্ত্রৰ অস্ত্রোপচাৰ হোৱাৰ তথ্য পোহৰলৈ আহে৷
উল্লেখ্য যে অত্যধিক ধূমপান, মাত্রাধিক খাদ্য গ্রহণ, অতি পৰিশ্রম আৰু মেদবহুলতাৰ বাবে উত্তৰ কোৰিয়াৰ শাসকগৰাকীয়ে জটিল শাৰীৰিক অসুস্থতাত ভোগাৰ বিষয়ে প্রকাশ পায়৷ ১২ এপ্রিলৰ পাছৰ পৰা কিম জং উন সম্পর্কীয় কোনো তথ্য প্রকাশ নোপোৱাত বিশ্বৰ এই প্রভাৱশালী নেতাজনৰ মৃত্যু সম্পর্কীয় ৰহস্যৰ সৃষ্টি হয় সংবাদ মহলত৷ ইয়াৰ পাছতে এই একনায়কত্ববাদী শাসকজনৰ ২৫০ মিটাৰ দৈর্ঘ্যৰ ব্যক্তিগত ৰে’লখন তেওঁৰ ৱানচান অৱসৰ বিনোদন কেন্দ্রত পৰিত্যক্তভাৱে থকাৰ এক ছেটেলাইট ফটো যোৱা ২৩ এপ্রিলত প্রকাশ পায়৷ কিমৰ পৰিয়ালে ব্যৱহাৰ কৰা এই ৰে’লখন শাসকজনৰ অস্ত্রোপচাৰ সম্পন্ন হোৱা উপকূলীয় ৰিজ’টটোৰ পৰা নাতিদূৰত থকাটো নিশ্চিত হয়৷
আনহাতে, ৱানচানলৈ যাবলৈ কিমে সঘনাই ব্যৱহাৰ কৰা তেওঁৰ ব্যক্তিগত জেট বিমানখনো পিয়ংইয়ান ৰানৱে’ত থকাৰ ছেটেলাইট ফটো প্রকাশ পায়৷ এই ছেটেলাইট ফটোসমূহৰ পাছত ৱানচানৰ অৱসৰ বিনোদন কেন্দ্র বা তাৰ নিকটৱর্তী উপকূলীয় ৰিজ’টটোত কিম থকাটো নিশ্চিত হয়৷ ইয়াৰ পাছতেই উত্তৰ কোৰিয়াৰ শাসকজনৰ মৃত্যু সম্পর্কীয় বাতৰি প্রকাশ পাবলৈ আৰম্ভ হয়৷ ইতিমধ্যে চীনৰ সাংবাদিকগৰাকীৰ এই বাতৰিৰ পাছতেই ব্রিটেইনৰ বৈদেশিক সচিব ডমিনিক ৰাবে এই বাতৰিৰ সত্যতা সন্দর্ভত সন্দেহ প্রকাশ কৰি কয়– আমি সকলো আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিসমূহ পৰীক্ষা কৰি আছোঁ যদিও আনুষ্ঠানিকভাৱে এই বাতৰিৰ সত্যতা স্বীকাৰ কৰাটো সম্ভৱ নহয়৷ উত্তৰ কোৰিয়াই এইপর্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য স্বীকাৰ কৰা নাই৷
আনহাতে, আমেৰিকাৰ চিনেটৰ লিনডচে গ্রাহামে কিমৰ মৃত্যু সম্পর্কীয় বাতৰিত আশ্চর্য প্রকাশ কৰি কয় যে উত্তৰ কোৰিয়াৰ শাসক সম্পর্কীয় বিভিন্ন উৰাবাতৰি প্রকাশ পাই থাকে৷ সেই বাবে কিমৰ মৃত্যু সম্পর্কীয় তথ্যৰ সত্যাসত্য প্রকাশ কৰাটো যথেষ্ট কঠিন৷ উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বৈদেশিক নীতি সম্পর্কীয় উপদেষ্টা গ্রাহাম উত্তৰ কোৰিয়াৰ বিশেষজ্ঞ ৰূপে পৰিচিত৷ এছিয়াৰ এই দেশখনত গ্রাহামৰ যথেষ্ট এজেণ্ট থকাৰ পাছতো তেওঁ কিমৰ মৃত্যু সম্পর্কীয় বাতৰি সত্য বুলি স্বীকাৰ নকৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ সেই বাবেই আমেৰিকাৰ সংবাদ মাধ্যমে এইপর্যন্ত স্পষ্টভাৱে উত্তৰ কোৰিয়াৰ একচ্ছত্রী শাসকজনৰ মৃত্যু হোৱা বুলি বাতৰি প্রকাশ কৰা নাই৷ অৱশ্যে মৃত্যু নহ’লেও কিম জং উনৰ অসুস্থতা যে গুৰুতৰ, সেয়া তেওঁৰ অনুপস্থিতিয়ে নিশ্চিত কৰিছে৷ উত্তৰ কোৰিয়াই এই বাতৰি সম্পর্কত আনুষ্ঠানিক বিবৃতি প্রকাশ নকৰা পর্যন্ত ইয়াক লৈ বিশ্বজুৰি জল্পনা–কল্পনা অব্যাহত থকাটো নিশ্চিত হৈ পৰিছে৷