নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনজাৰ্ভেটিভ পাৰ্টীক পৰাস্ত কৰি লেবাৰ পাৰ্টীৰ বিজয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুলাইঃ ভাৰতীয় মূলৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা ঋষি সুনাকে ব্ৰিটেইনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছে। শেহতীয়াকৈ সমাপ্ত হোৱা ব্ৰিটেইনৰ নিৰ্বাচনৰ ফলাফলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি সুনাকে নিজৰ পৰাজয় মানি লৈছে। তেওঁ লেবাৰ পাৰ্টিৰ নেতা কিয়ৰ ষ্টাৰমাৰক এই জয়ৰ বাবে অভিনন্দন জনাইছে। উল্লেখ্য যে ২০১৯ চনৰ ব্ৰিটেইনৰ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিয়ে ৬৫০খন আসনৰ সংসদত ৩৬৪খন আসন লাভ কৰিছিল আৰু বৰিছ জনছন প্ৰধানমন্ত্ৰী হৈছিল। অৱশ্যে যোৱাবাৰৰ তুলনাত ৪৭খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। য’ত এইবাৰ ১৪ বছৰৰ পাছত ব্ৰিটেইনত পুনৰ ক্ষমতালৈ আহিছে লেবাৰ পাৰ্টী। ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক হয়তো উত্তৰ ইংলেণ্ডৰ আসনত জয়ী হ’ব পাৰে, কিন্তু নিৰ্বাচনত তেওঁৰ কনজাৰ্ভেটিভ পাৰ্টি পৰাজিত হৈছে। আনহাতে ব্ৰিটেইনৰ মুঠ ৬৫০খন আসনৰ ভিতৰত লেবাৰ পাৰ্টিয়ে ৪০০ৰো অধিক আসন লাভ কৰিছে। ঋষি সুনাকৰ দল কনজাৰ্ভেটিভ ১১১ত সীমাবদ্ধ হৈ আছে। ইয়াৰ বাহিৰেও ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে নিজৰ আসনখনো বচাব পৰা নাছিল।

You might also like