তুষাৰ ধুমুহাত স্তব্ধ জাপানৰ বিস্তীর্ণ অঞ্চল
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ভয়াৱহ তুষাৰ ধুমুহাই উত্তৰ জাপানৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰিছে৷ এই তুষাৰ ধুমুহাৰ বাবেই ৰাষ্ট্রীয় ঘাইপথত দুর্ঘটনাত পতিত হৈছে ১৩০খন বাহন৷ ট’হকু এক্সপ্রেছ ৱে’ত ডাঠ বৰফৰ আস্বাদন ভেদি বাহনবোৰ আগবঢ়াৰ সময়তে দুর্ঘটনাত পতিত হৈছে৷ এই দুর্ঘটনাত এজন লোক নিহত হোৱাৰ উপৰি আন ১০জন গুৰুতৰভাৱে আহত হৈছে৷ দুর্ঘটনাস্থলীত ২০০ লোক আবদ্ধ হৈ পৰা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ স্মর্তব্য যে জাপানত এইবাৰ শীতত অভাৱনীয় তুষাৰপাত দেখিবলৈ পোৱা গৈছে৷