আফগানিস্তানৰ পৰিস্থিতিত উদ্বিগ্ন মালালা ইউছুফজাই
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানৰ দখললৈ যোৱাৰ লগে লগে নাৰী শিক্ষাৰ অধিকাৰ আন্দোলনৰ কর্মী ন’বেল শান্তি বঁটা বিজয়ী মালালা ইউছুফজায়ে তাৎক্ষণিকভাৱে শৰণার্থীসকলৰ সুৰক্ষাৰ বিষয়টোত গুৰুত্ব দিবলৈ আন্তর্জাতিক সম্প্রদায়ক আহ্বান জনাইছে৷ শৰণার্থী তথা অসামৰিক লোকসকলক প্রয়োজনীয় মানৱীয় সাহায্য তাৎক্ষণিকভাৱে প্রদান কৰা উচিত বুলিও মালালাই উল্লেখ কৰিছে৷
উল্লেখনীয় যে তালিবানৰ নিয়ন্ত্রণলৈ পুনৰ আফগানিস্তান যোৱাৰ লগে লগে গভীৰ উদ্বেগ প্রকাশ কৰিছে মালালাই৷ মালালাৰ মতে তালিবান ক্ষমতালৈ অহাৰ লগে লগে আফগানিস্তানত মহিলা, সংখ্যালঘু সম্প্রদায় আৰু মানৱাধিকাৰ কর্মীসকল ভয়াৱহ সংকটৰ সন্মুখীন হ’ব৷