নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী প্রক্রিয়া সম্পন্ন: শীঘ্রেই ভাৰতলৈ প্রত্যর্পণ সুৰা সম্রাট মালিয়াক

নিয়মীয়া বাৰ্তা, ৪ জুন: পলাতক অর্থনৈতিক অপৰাধী সুৰা সম্রাট বিজয় মালিয়াক অচিৰেই ভাৰতলৈ প্রত্যর্পণ কৰা হ’ব৷ এনফ’চমেণ্ট ডিৰেক্টৰেটৰৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, গ্রেট ব্রিটেইনত বাহৰ পাতি থকা কিং ফিছাৰৰ স্বত্বাধিকাৰী তথা সুৰা সম্রাট পলাতক বিজয় মালিয়াক লৈ দেশখনত সকলো আইনী প্রক্রিয়া সম্পন্ন কৰা হৈছে৷

উল্লেখ্য যে ৯ হাজাৰতকৈ অধিক কোটি টকাৰ বেংক প্রৱঞ্চনাত জড়িত সুৰা সম্রাট মালিয়াই দেশৰ পৰা পলায়ন কৰি গ্রেট ব্রিটেইনত আছিল৷ গ্রেট ব্রিটেইনৰ পৰা ভাৰতে প্রত্যর্পণৰ বাবে চেষ্টা চলোৱাৰ সময়ত সুৰা সম্রাটজনে দেশখনৰ আদালতৰ কাষ চাপিছিল৷

আনকি গ্রেপ্তাৰো হৈছিল৷ জামিনত থকা সুৰা সম্রাট মালিয়াৰ সকলো আবেদন গ্রেট ব্রিটেইনৰ আদালতে যোৱা ১৪ মে’ত খাৰিজ কৰাৰ পিছতেই ভাৰতলৈ প্রত্যর্পণৰ পথ মুকলি হৈছিল৷

You might also like