জোনবাইৰ বুকুত দহ একৰ ভূমি ক্রয় কৰি পত্নীক উপহাৰ বাংলাদেশৰ অখিলৰ
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ জোনবাইৰ বুকুত দহ একৰ ভূমি ক্রয় কৰিছে বাংলাদেশৰ এক দম্পতীয়ে৷ অখিল ৰায় আৰু অনুপা হালদাৰ নামৰ এই দম্পতীয়ে দাবী কৰা অনুসৰি শনিবাৰে তেওঁলোকে আমেৰিকাৰ ‘লুনাৰ এম্বেছি’ নামৰ সংস্থাটোৰ পৰা এই ভূমি ক্রয় কৰিছে৷
বাংলাদেশৰ গোপালগঞ্জৰ বাসিন্দা আৰু অখিল আৰু অনুপাই বর্তমান কানাডাত থাকে৷ কেইদিনমান পূর্বে তেওঁলোকে জানিবলৈ সক্ষম হৈছিল যে চন্দ্রৰ ভূমি বিক্রী কৰি থকা হৈছে৷ তেতিয়াই তেওঁলোকে এই ভূমি ক্রয়ৰ সিদ্ধান্ত লয়৷ লগে লগে লুনাৰ এম্বেছিৰ সৈতে যোগাযোগ কৰি তেওঁলোকে এই ভূমি ক্রয় কৰে৷ ভূমি ক্রয়ৰ উপগ্রহ ছবি আৰু নথিও নিজৰ হাতত থকা বুলি দাবী কৰিছে অখিল–নুপাই৷