নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদী গোটৰ বিৰুদ্ধে কঠোৰ আমেৰিকা

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ গোলকীয় সন্ত্রাসবাদী গোট হিচাপে চিহ্ণিত হোৱা কেইবাটাও গোটৰ ৬৩ নিযুত ডলাৰ পুঁজিত ২০১৯ত প্রতিৰোধ লগাইছে আমেৰিকাৰ কোষাগাৰ বিভাগে৷ এই প্রতিৰোধৰ সন্মুখীন হোৱা গোটসমূহৰ ভিতৰত আছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদ আৰু হৰকট–উল–মুজাহিদ্৷ কালি প্রকাশ পোৱা কোষাগাৰ বিভাগৰ প্রতিবেদন অনুসৰি লস্কৰ–ই–তৈবাৰ ৩ লাখ ৪২ হাজাৰ ডলাৰ, জইচ–ই–মহম্মদৰ ১,৭২৫ ডলাৰ আৰু হৰকট উল–মুজাহিদীনৰ ৪৫,৭৯৮ ডলাৰ পুঁজিত প্রতিৰোধ লগোৱা হৈছে৷ তিনিওটা পাক সন্ত্রাসবাদী সংগঠনক ২০১৯ চনতে গোলকীয় সন্ত্রাসবাদী গোট হিচাপে তালিকাভুক্ত কৰিছে আমেৰিকাই৷

উল্লেখনীয় যে ২০১৯ চনত মুঠ ৭০টা সন্ত্রাসবাদী গোটৰ পুঁজিত প্রতিৰোধ লগাইছে মার্কিন কোষাগাৰ বিভাগে৷ ইয়াৰ ভিতৰত আল–কায়দাৰ সর্বাধিক ৩.৯ নিযুত ডলাৰ পুঁজিত প্রতিৰোধ লগাইছে কোষাগাৰ বিভাগে৷ স্মর্তব্য যে ইয়াৰ পূর্বৰ বর্ষটোত আল–কায়দাৰ ৬.৪ নিযুত ডলাৰত প্রতিৰোধ লগাইছিল আমেৰিকাই৷ আমেৰিকাৰ কোষাগাৰ বিভাগৰ অ’ফিচ অফ ফৰেইন এছেটছ কণ্ড্র’ল (অ’এফএচি)–এ এই সন্ত্রাসবাদী গোটসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি আহিছে৷

You might also like