নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নজিৰবিহীন ঘটনা! স্তনপানৰ সময়ত কাষলতি তলৰ পৰা ওলাল গাখীৰ, চাওক Video

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ আচৰিত কাণ্ড! সন্তানক স্তনপান কৰাই থাকোঁতেই আচৰিত হৈ পৰিল মাতৃ। কাষলতি তলৰ পৰা ওলাই আহিছে গাখীৰ। শিশুটিক গাখীৰ খুওৱাৰ সময়ত বাহুৰ তলত বিষ অনুভৱ কৰে মাতৃগৰাকীয়ে। ক্রমশঃ ফুলি উঠে সেই অংশ। হাত দি বাহুৰ তলত স্পৰ্শ কৰোঁতেই মাতৃগৰাকীয়ে এটা সৰু মাংসপিণ্ড ওলাই অহা প্ৰত্যক্ষ কৰে। আৰু আচৰিতভাৱে সেই অংশটো টিপিলে গাখীৰ ওলাই আহে।

মহিলাগৰাকীয়ে ঘটনাটো বিবৃতি দিয়াৰ সমান্তৰালকৈ এটা ভিডিঅ’ পোষ্ট কৰিছিল। মহিলাগৰাকী মিনচোটা চহৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ভিডিঅ’টো টিকটকে শ্বেয়াৰ কৰিছিল।

কিন্তু এই ঘটনাক লৈ ভয় কৰাৰ কোনো কাৰণ নাই বুলি মত দিছে চিকিৎসকে। চিকিৎসকৰ মতে এয়া বহুতে বিষয়টোৰ দ্বাৰা আচৰিত হোৱা ঘটনা যদিও স্তনপান কৰা টিস্যু কেৱল স্তনতে উপলব্ধ নহয়। টেইন অফ স্পেন্স নামৰ এটা গাঁথনি আছে, যি স্তনৰ বাহিৰত আৰু কাষলতিৰ তললৈও সম্প্ৰসাৰিত হয়। এনে হয় কাৰণ ই স্তনত গাখীৰ উৎপাদন কৰা মুখ্য টিস্যুৰ সৈতে সংলগ্ন হৈ থাকে।

চাওক এই ভিডিঅ’-

You might also like