জি–৭ৰ সন্মিলনলৈ মোদীক আমন্ত্রণ
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আগন্তুক জুন মাহত ব্রিটেইনৰ ক’নৱাল অঞ্চলত হ’বলগীয়া জি–৭ গোষ্ঠীৰ সন্মিলনলৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনোৱা হৈছে৷ ব্রিটিছ চৰকাৰে ভাৰতৰ প্রধানমন্ত্রীৰ উপৰি অষ্ট্রেলিয়া আৰু দক্ষিণ কোৰিয়াৰ শীর্ষনেতা দুগৰাকীকো এই সন্মিলনলৈ আমন্ত্রণ জনাইছে৷
স্মর্তব্য যে আমেৰিকা, কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, ব্রিটেইন আৰু ইউৰোপীয় ইউনিয়ন সংঘৰ নেতাসকলৰ উপস্থিতিত ১১ জুনত জি–৭ সন্মিলন অনুষ্ঠিত হ’ব৷ লক্ষণীয়ভাৱে জি–৭ গোষ্ঠীৰ সন্মিলনৰ পূর্বে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ভাৰত ভ্রমণ কৰাৰ আশা আছে বুলি এক সূত্রই সদৰী কৰিছে৷ ইয়াৰ পূর্বে আগন্তুক ২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রিত হৈও জনছনে ব্রিটেইনত নতুন ক’ৰোনাৰ সংহাৰ সৃষ্টি হোৱাৰ বাবেই এই আমন্ত্রণ ৰক্ষা নকৰে বুলি ঘোষণা কৰিছিল৷ জি–৭ গোষ্ঠীৰ সন্মিলনত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে ক’ভিড মহামাৰীকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰাৰ সম্ভাৱনা আছে৷