নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া ভ্ৰমণসূচীৰে গ্ৰীচত নৰেন্দ্ৰ মোদী

🔹 ৪০ বছৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ গ্ৰীচ ভ্ৰমণ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ পিছতে গ্ৰীচৰ ৰাজধানী এথেন্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা মোদীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে কেইবাটাও বিষয়ত আলোচনা কৰাৰ কথা। মন কৰিবলগীয়া যে বিগত ৪০ বছৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে গ্ৰীচ ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে ১৯৮৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল। শুকুৰবাৰে পুৱা এথেন্স বিমানবন্দৰত অৱতৰণ কৰে মোদীয়ে। গ্ৰীচ চৰকাৰৰ কেইবাজনো বিষয়াই তেওঁক আদৰণি জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি মোদীৰ গ্ৰীচ ভ্ৰমণত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সন্দৰ্ভত আলোচনা কৰা হ’ব। ইয়াৰ উপৰি এই ভ্ৰমণৰ সময়ত সামৰিক আৰু প্ৰতিৰক্ষা বিষয়ত দ্বিপাক্ষিক বুজাবুজি গভীৰ আৰু শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। মোদীৰ ভ্ৰমণসূচীৰ বিষয়ে যিখিনি জনা যায়, সেই অনুসৰি শুকুৰবাৰে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছক সাক্ষাৎ কৰাৰ উপৰি গ্ৰীক চেম্বাৰ অৱ কমাৰ্চৰ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা। ইয়াৰ উপৰি তেওঁ প্ৰব্ৰজনকাৰী ভাৰতীয়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ৰাষ্ট্ৰীয় পতাকা আৰু মোদীৰ ফটো লৈ এথেন্সৰ মোদীৰ হোটেলৰ সন্মুখত সমৱেত হয় প্ৰবাসী ভাৰতীয়সকল। শুকুৰবাৰে নিশা বিমানেৰে প্ৰধানমন্ত্ৰীগৰাকী দিল্লীলৈ উভতি অহাৰ কথা।

You might also like