নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিশেষ বন্ধু’ৰ সৈতে জন্মদিন উদযাপন এমএছ ধোনীৰ

বিশেষ বাৰ্তা, ৯ জুলাই : শুকুৰবাৰে ৪২সংখ্যক জন্মদিন পালন কৰিলে এম এছ ধোনীয়ে ৷ ৰাঁচীত নিজৰ ঘৰত পৰিয়ালৰ সৈতে দিনটো কটায় ভাৰতৰ অন্যতম সফল অধিনায়কগৰাকীয়ে ৷ অৱশ্যে সেইদিনা তেওঁৰ জন্মদিনৰ কোনো ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হোৱা নাছিল ৷ কিন্তু শনিবাৰে ধোনীৰ জন্মদিন পালনৰ এটি ভিডিঅ’ ভাইৰেল হয় ৷ এই ভিডিঅ’টো ইনষ্টাগ্রামত পোষ্ট কৰে স্বয়ং ধোনীয়ে ৷ সেই ভিডিঅ’ত কেইটামান ‘বিশেষ বন্ধু’ৰ সৈতে দেখা যায় ধোনীক ৷ সেই বন্ধুকেইটা হৈছে ধোনীৰ পোহনীয়া কুকুৰ ৷ ভিডিঅ’ত বিভিন্ন ব্রিডৰ চাৰিটা কুকুৰক কেক খুওৱা দেখা গৈছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে ৷ ৰাঁচীৰ নিজৰ ফ্রার্ম হাউছত প্রিয় কুকুৰকেইটাৰ সৈতে কেক কাটে ধোনীয়ে ৷ সেই সময়ত তেওঁ পৰিধান কৰিছিল ক’লা ট্রাউজাৰ আৰু ক’লা টি–ছার্ট ৷ এখন সৰু টেবুলৰ ওপৰত ৰখা আছিল কেক ৷ মমবাতিত ফু মাৰি কেক টুকুৰা টুকুৰ কৰে ৷ তাৰ পিছতে সেই কেক কুকুৰকেইটাক খুৱাই দিয়ে আৰু নিজেও খায় ৷ তেওঁৰ কুকুৰপ্রীতিৰ বিষয়ে সকলোৱে জানে ৷ ধোনীয়ে লিখিছে– ‘তোমালোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছোঁ ৷’

You might also like