নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্র গ্রহত ৰবটিক অভিযানৰ সিদ্ধান্ত নাছাৰ

নিয়মীয়া বাৰ্তা ৪ জুনঃ  ৰঙা গ্রহ মঙলত নাছাৰ পার্ছেভাৰেন্স আৰু কিউৰি’চিটি ৰ’ভাৰে বিভিন্ন গৱেষণা চলাই থকাৰ মাজতে মহাবিশ্বলৈ পুনৰ নতুন অভিযানৰ সম্প্রসাৰণ ঘটোৱাৰ লক্ষ্য লৈছে আমেৰিকান মহাকাশ গৱেষণা সংস্থাটোৱে৷ এইবাৰ নাছাৰ অভিযানৰ গ্রহ হ’ব শুক্র৷

শুক্র গ্রহলৈ দুটাকৈ ৰবটিক অভিযান চলাব নাছাই৷ মহাকাশ গৱেষণা সংস্থাটোৰ নতুন প্রশাসক বিল নেলচনে আজি ঘোষণা কৰিছে এই তথ্য৷ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহটোলৈ ইতিমধ্যে দুটাকৈ ৰবটিক অভিযানৰ সংকল্প গ্রহণ কৰা হৈছে বুলি নাছাৰ কর্মীসকলৰ মাজত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নেলচনে৷ প্রতিটো অভিযানৰ বাবে নাছাই খৰচ কৰিব ৫০০ নিযুত ডলাৰকৈ৷ ২০২৮ৰ পৰা ২০৩০ চনৰ ভিতৰত এই অভিযান দুটা চলাব মহাকাশ গৱেষণা সংস্থাটোৱে৷

উল্লেখনীয় যে ১৯৯০ চনত মেগেলান অৰবিটাৰ গ্রহটোৰ কক্ষপথলৈ প্রেৰণ কৰিছিল নাছাৰ বিজ্ঞানীয়ে৷ তেতিয়াৰে পৰা সুদীর্ঘ তিনিটা দশক ধৰি শুক্র গ্রহ সন্দর্ভত কোনো ধৰণৰ অভিযান চলোৱা নাই আমেৰিকাৰ জ্যোতির্বিজ্ঞানীসকলে৷ নেলচনে উল্লেখ কৰা অনুসৰি নাছাৰ প্রথমটো শুক্র অভিযানৰ নাম হ’ব ‘ডা ভিন্সি প্লাছ’৷

You might also like