ভিন্নগ্রহীক আকর্ষণৰ বাবে মানুহৰ নগ্ন ছবি প্রেৰণ কৰিব নাছাই
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ বিগত ডেৰশ বছৰ ধৰি বিজ্ঞান আৰু প্রযুক্তিৰ উন্নয়নৰ দিশত সমাজ যিমান দ্রুতগতিত আগবাঢ়িছে, সিমানেই অজানাক জনাৰ বাবে মানুহৰ কৌতূহল বৃদ্ধি পাইছে৷ কোনো ভিন্ন গ্রহত প্রাণী আছে নে নাই তাক লৈ মানুহৰ কৌতূহল প্রতিদিনে বৃদ্ধি পাইছে৷ এই ভিন্নগ্রহী প্রাণীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে বিভিন্ন আধুনিক বৈজ্ঞানিক পদ্ধতিৰ উদ্ভাৱন কৰিছে বিজ্ঞানীসকলে৷ কিন্তু বাৰে বাৰে ব্যর্থ হ’বলগীয়া হৈছে বিজ্ঞানীসকল৷ নাছাৰ জেট প্রপালছন গৱেষণাগাৰৰ বিজ্ঞানী জ’নাথন জিয়াং আৰু তেওঁৰ সহকর্মী বিজ্ঞানীসকলে ‘বিকন ইন দ্য গেলেক্সী’ গৱেষণা–পত্রত ভিন্নগ্রহী প্রাণীৰ সৈতে যোগাযোগ স্থাপনৰ আধুনিক পদ্ধতিৰ কথা ব্যাখ্যা কৰিছে৷ ইয়াৰ উপৰি গৱেষণা–পত্রত মাধ্যাকর্ষণ শক্তিৰ ৰূপায়ণ, ডিএনএৰ গঠন আৰু পিক্সেলৰ মাধ্যমত পুৰুষ তথা মহিলাৰ নগ্ণ ছবি কিধৰণে প্রকাশ কৰা যায়, তাক বর্ণনা কৰা হৈছে৷ জ’নাথনে উল্লেখ কৰা অনুসৰি, বাইনাৰী ক’ড অর্থাৎ ০ আৰু ১ সংখ্যাৰ দ্বাৰা ভিন্ন গ্রহত বসবাস কৰাসকলৰ সৈতে খুব সহজে যোগাযোগ কৰিব পৰা যাব পাৰে৷ জ’নাথনৰ মতে, মানুহৰ নগ্ণ ছবি মহাকাশলৈ প্রেৰণ কৰি ভিন্নগ্রহীসকলক আকর্ষিত কৰাৰ চেষ্টা কৰিব পাৰে বিজ্ঞানীসকলে৷