নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে মঙলত সংগ্রহ কৰিলে প্রথমটো শিলৰ টুকুৰা
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰঙাগ্রহ মঙলত বাহৰ পাতি থকা নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা ৬ ছেপ্ঢেম্বৰত প্রথমটো শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ পিছত আঠ ছেপ্ঢেম্বৰতো আন এটা শিলৰ টুকুৰা সংগ্রহ কৰে৷ ৬ ছেপ্টেম্বৰত সংগ্রহ কৰা শিলৰ নমুনাটোৰ নাম ‘মণ্টডেনিয়াৰ’ আৰু ৮ ছেপ্টেম্বৰত সংগ্রহ কৰা দ্বিতীয়টো শিলৰ টুকুৰাৰ নাম ‘মণ্টাগনেক’৷
এই সংগৃহীত শিলৰ নমুনাৰ বিতং অধ্যয়নৰ জৰিয়তে ৰঙাগ্রহ মঙলত জীৱৰ অস্বিত্বৰ সম্ভেদ লাভ কৰাৰ সম্ভাৱনা আছে৷ নাছাৰ মঙল অভিযানৰ প্রকল্প বিজ্ঞানী কেন ফার্লিয়ে প্রকাশ কৰা মতে, প্রথম শিলৰ নমুনাত জীৱৰ বসবাস কৰা পৰিৱেশৰ সম্ভাৱনা আছে৷ দক্ষিণ কেলিফ’র্নিয়াৰ নাছাৰ জেট প্রপালছন লেবৰেটৰীৰ বিজ্ঞানীজনে শিলৰ নমুনাত দীর্ঘদিন ধৰি বিজ্ঞানীসকলে ধাৰণা কৰি অহা পানীৰ সম্ভেদো লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয়৷
বিজ্ঞানীজনে প্রকাশ কৰা মতে, আগ্ণেয়গিৰি উদ্গীৰণৰ ফলত সৃষ্ট বোৱঁতী লাভাৰ পৰাই এই শিলৰ টুকুৰাকেইটাৰ সৃষ্টি হৈছে৷ আগ্ণেয়গিৰিৰ পৰা সৃষ্ট শিলে বিজ্ঞানীসকলক কেতিয়া ইয়াৰ সৃষ্টি হৈছিল, সেই সন্দর্ভত তথ্য জনাৰ বাবে সহায় কৰে৷ শিল সংগ্রহৰ পূর্বে পার্ছেভাৰেঞ্চ ৰ’ভাৰে ৰঙাগ্রহ মঙলৰ বুকুত হ্রদৰ সম্ভাৱনাৰো ইংগিত দিছে৷ এই তথ্যৰ আধাৰতেই নাছাৰ বিজ্ঞানীসকলে ৰঙাগ্রহ মঙলত চলাই থকা অভিযানত জীৱৰ অস্বিত্বৰ সম্ভেদ লাভ কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷