নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াগৰাজত ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ প্রয়াগৰাজত স্থাপন হ’বলগীয়া উত্তৰ প্রদেশ ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্রপতিগৰাকীয়ে প্রয়াগৰাজৰ স্বীকৃতি শিক্ষা কেন্দ্র হিচাপে চর্চিত হ’ব বুলি কয়৷

তদুপৰি ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ আন আন ক্ষেত্রৰ দৰে ন্যায়িক ব্যৱস্থাতো মহিলাৰ অধিক অংশগ্রহণক প্রাধান্য দিয়ে৷ এইক্ষেত্রত কিছুদিন পূর্বে উচ্চতম ন্যায়ালয়ৰ তিনি মহিলাসহ ৯গৰাকী ন্যায়াধীশৰ অন্তর্ভুক্তিৰ প্রসংগ উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ ৩৩গৰাকী ন্যায়াধীশৰ ভিতৰত চাৰিগৰাকী মহিলা আছে৷ তেওঁ এই কথাও উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ত শেহতীয়া মহিলা ন্যায়াধীশৰ অন্তর্ভুক্তিয়ে ভৱিষ্যতৰ দেশৰ মুখ্য ন্যায়াধীশ পদত মহিলাৰ নিযুক্তিৰ পথ মুকলি হৈছে৷

You might also like