নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে সম্পর্ক সুদৃঢ় কৰাৰ সংকল্প নেপালৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ হিমালয়ান ৰাষ্ট্র নেপাল আৰু ভাৰতৰ বিদেশমন্ত্রীৰ গুৰুত্বপূর্ণ আলোচনাৰ মাত্র কেইদিনমান পূর্বে দেশখনৰ প্রধানমন্ত্রী কে পি শর্মা অ’লিয়ে আজি উল্লেখ কৰিছে যে ভাৰতৰ সৈতে সুদৃঢ় সম্পর্ক গঢ়িবলৈ কাঠমাণ্ডু প্রশাসনে প্রচেষ্টা চলাই আছে৷ সার্বভৌম সমতাৰ ওপৰত ভিত্তি কৰি ভাৰতৰে সম্পর্ক মধুৰ কৰিব বিচাৰে বুলি অ’লিয়ে আজি দেশখনৰ সংবাদ মাধ্যমক জনাইছে৷

অৱশ্যে ভাৰতৰ সৈতে সম্পর্ক গঢ়াৰ ক্ষেত্রত কাঠমাণ্ডু প্রশাসন আগ্রহী যদিও দেশখনৰ বাবে উদ্বেগজনক হিচাপে চিহ্ণিত বিষয়বোৰ উত্থাপন কৰাৰ পৰা কেতিয়াও বিৰত নাথাকে বুুলি অ’লিৰ বক্তব্যৰ উদ্ধৃতি দি মাই ৰিপাব্লিকা নামৰ সংবাদ পত্রখনে সদৰী কৰিছে৷ চলিত মাহতে নেপালৰ বিদেশমন্ত্রী প্রদীপ কুমাৰ গিয়াৱালিয়ে ভাৰত ভ্রমণ কৰিব৷ এই ভ্রমণকালত ভাৰতৰ বিদেশমন্ত্রীৰ সৈতে নেপালৰ নতুন মানচিত্রৰ বিষয়টোও আলোচনাৰ এজেণ্ডালৈ অনা হ’ব বুলি উল্লেখ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ লক্ষণীয়ভাৱে ভাৰত আৰু চীনৰ উচ্চ পর্যায়ৰ বিষয়ববীয়াই শেহতীয়াকৈ নেপাল ভ্রমণ কৰাটো আছিল অতি সদিচ্ছামূলক ভ্রমণ বুলিও প্রধানমন্ত্রীগৰাকীয়্ মন্তব্য কৰিছে৷

শেহতীয়াকৈ সীমা বিবাদক লৈ নেপাল আৰু ভাৰতৰ মাজত চলি আছে মতানৈক্য৷ আনকি নেপালে কালাপানী, লিম্পিয়াধুৰাকে ধৰি তিনিটাকৈ বিবদমান অঞ্চল নতুন মানচিত্রত সামৰি লোৱা ঘটনাক কেন্দ্র কৰি ভাৰতৰ সৈতে সম্পর্কৰ অধিক অৱনতি ঘটিছে৷ ইয়াৰ মাজতে প্রধানমন্ত্রী অ’লিৰ বক্তব্যই দুয়োখন দেশৰ সম্পর্কৰ উন্নতি ঘটোৱাৰ আশা সজীৱ কৰিছে৷

You might also like