নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত ফৰিং নিধনৰ নতুন কৌশল

নিয়মীয়া বাৰ্তা ১১ জুনঃ পাকিস্তানত বৃদ্ধি পোৱা ফৰিঙৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ প্রধানমন্ত্রী ইমৰান খানে এইবাৰ নতুন কৌশল গ্রহণ কৰিছে৷ কালি চৰকাৰে ঘোষণা কৰা অনুসৰি জনসাধৰণক ফৰিং ধৰাৰ বাবে ধন আগবঢ়োৱা হ’ব৷ ইয়াৰ পিছতে এই ফৰিং কুকুৰা পালকসকলৰ ওচৰত বিক্রী কৰা হ’ব৷

স্মর্তব্য যে ফৰিং কুকুৰাৰ খাদ্য হিচাপে ব্যৱহাৰ হ’ব পৰা এবিধ ‘অত্যাচাৰী কীট’৷ লক্ষণীয়ভাৱে ফৰিঙৰ উপদ্রৱে পাকিস্তান চৰকাৰক জলাকলা খুৱাইছে৷ প্রধানমন্ত্রী ইমৰান খানৰ মন্ত্রী পৰিষদত ইতিমধ্যে এই বিষয়টোক অনুমোদন জনোৱাও হৈছে৷

ফৰিঙৰ উপদ্রৱক এইবাৰ মুনাফালৈ সলনি কৰাৰ এয়া এক চৰকাৰৰ নতুন কৌশল বুলি দেশখনৰ সংবাদ মাধ্যমে ঘোষণা কৰিছে৷

You might also like