নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশলৈ নতুন টয়লেট প্রেৰণৰ প্রস্তুতি; অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰিছে নাছাই

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই নতুন এক মধ্যাকর্ষণিক শক্তি শূন্য প্রসাধনাগাৰ (টয়লেট) আন্তর্জাতিক মহাকাশ আস্থানলৈ প্রেৰণৰ যো–জা চলাইছে৷ ভৱিষ্যতে চন্দ্র অভিযানত ইয়াৰ সম্ভাব্য ব্যৱহাৰৰ দিশটোৰ প্রতিটো নজৰ ৰাখি আন্তর্জাতিক মহাকাশ আস্থানলৈ ২৩ নিযুত ডলাৰ ধন খৰচ কৰি নির্মাণ কৰা এই টয়লেট প্রেৰণৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে৷ এখন কার্গো শ্বিপেৰে এই টয়লেটটো আন্তর্জাতিক মহাকাশ আস্থানলৈ প্রেৰণ কৰা হ’ব৷ মহিলা নভ’চৰসকলৰ বাবে এই টয়লেটটো হ’ব যথেষ্ট সুবিধাজনক৷ কাৰণ ইয়াৰ ভেকুৱাম ছিষ্টেম নতুন পদ্ধতিৰে নির্মাণ কৰা হৈছে৷

পূর্বতে মহাকাশচাৰীসকলে ব্যৱহাৰ কৰা টয়লেটৰ সৈতে ইয়াৰ যথেষ্ট পার্থক্য আছে৷ ভার্জিনিয়াৰ ৱালপ’ছ দীপৰ পৰা মহাকাশলৈ প্রেৰণ কৰা হ’ব এই টয়লেটটো৷

স্মর্তব্য যে কালিয়েই ইয়াক প্রেৰণ কৰাৰ কথা আছিল যদিও কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণৰ সময়সূচী পিছুৱাই দিয়া হয়৷

You might also like