পৰমাণু অস্ত্র নির্মাণ কার্যসূচীৰ সম্প্রসাৰণ ঘটাব উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতিয়ে
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে দেশখনৰ পৰমাণু অস্ত্র নির্মাণ কার্যসূচী আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে৷ কালি ৰাজধানী পিয়ংয়াঙত শাসকীয় ৱর্কার্ছ পার্টীৰ কংগ্রেছত ভাষণ দি কিম জং উনে উল্লেখ কৰে যে আমেৰিকা হৈছে উত্তৰ কোৰিয়াৰ আটাইতকৈ বৃহৎ শত্রু৷ ৱাশ্বিংটন প্রশাসনে উত্তৰ কোৰিয়া সন্দর্ভত নিজৰ নীতি কেতিয়াও সলনি নকৰে বুলিও উল্লেখ কৰে কিমে৷ দেশখনৰ ৰাষ্ট্রপতি ট্রাম্পেই হওক বা বাইডেনেই হওক তাৰ লগত ইয়াৰ সম্পর্ক নাই বুলিও মন্তব্য কৰে ক্ষুব্ধ কিমে৷ ৱর্কার্ছ পার্টীৰ কংগ্রেছতে কিম জং–উনে ঘোষণা কৰিছে যে দেশখনে পৰমাণু অস্ত্র নির্মাণ কার্যসূচীৰ অধিক সম্প্রসাৰণ ঘটোৱাৰ লগতে সামৰিক শক্তিও বৃদ্ধি কৰিব৷
ইফালে, দেশখনৰ পৰমাণু ছাবমেৰিন নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে বুলি উল্লেখ কৰে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ শীর্ষনেতাগৰাকীয়ে৷ লক্ষণীয়ভাৱে বিদায়ী ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে সম্পর্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল কিমে৷ আগন্তুক ২০ জানুৱাৰীত ট্রাম্পৰ বিদায়ৰ লগে লগে হোৱাইট হাউছৰ শীর্ষ পদবীত আনুষ্ঠানিকভাৱে আৰোহণ কৰিব ডেম’ক্রেটিক ৰাষ্ট্রপতি জ’ বাইডেনে৷ বিশেষজ্ঞ মহলে কিম জং–উনৰ মন্তব্য বাইডেন প্রশাসনৰ ওপৰত চাপ সৃষ্টি কৰাৰ এক কৌশল বুলি অভিহিত কৰিছে৷ বাইডেন প্রশাসনে উত্তৰ কোৰিয়াৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰিবনে নাই তাক লৈ বিশেষজ্ঞ মহলে কৌতূহল প্রকাশ কৰি আছে৷