নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কোৰিয়াৰ উত্তৰাধিকাৰী কোন ?

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ বিশ্বৰ বহু দেশৰ দৃষ্টিত তেওঁ এজন স্বৈৰাচাৰী শাসক৷ আমেৰিকাকে ধৰি পাশ্চাত্যৰ সমৃদ্ধিশালী দেশবোৰৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, তেওঁ পৃথিৱীত পাৰমাণৱিক ধ্বংসলীলা সংঘটিত কৰিব পাৰে৷ কিন্তু নিজৰ দেশবাসীৰ দৃষ্টিত তেওঁ এগৰাকী জনপ্রিয় নেতা৷ দেশখনৰ চৰকাৰী সংবাদ সংস্থা কে চি এন এৰ মতে, ১০০ শতাংশ নাগৰিকে তেওঁক শ্রদ্ধা কৰে৷ দেশখন হৈছে উত্তৰ কোৰিয়া আৰু নেতাগৰাকী কিম জং উন৷ সকলো সময়তে উত্তৰ কোৰিয়া আৰু কিম জং উনৰ ওপৰত নিবদ্ধ থাকে বিশ্ববাসীৰ নজৰ৷ আমেৰিকা, ইউৰোপ, এছিয়া, আফ্রিকা সকলো প্রান্তৰ দেশে কিম জং উনক শতিকাৰ হিংস্র শাসক বুলি ধাৰণা কৰে৷ শেহতীয়াকৈ কিম জং উনৰ মৃত্যু হোৱা বুলি হংকঙৰ এক সংবাদ সংস্থা আৰু জাপানৰ মিডিয়াই ঘোষণা কৰিছে৷ এই ঘোষণাৰ লগে লগে বিষয়টোক লৈ বিশ্বজুৰি চলিছে চর্চা৷ সঁচাকৈয়ে কিম জং উন অসুস্থ হৈ আছিল নেকি? হংকঙৰ সংবাদ সংস্থাই সদৰী কৰাৰ দৰে কিম জং উনৰ হূদযন্ত্রৰ অস্ত্রোপচাৰ হৈছিল নেকি?

শেহতীয়াকৈ যি সংবাদে বিশ্বজুৰি খলকনি লগাইছে, সেয়া সত্য হ’ব পাৰে নেকি? তাক লৈ চলিছে বিভিন্ন মহলৰ গুণাগঁথা৷ জাপানী সংবাদ মাধ্যমে প্রকাশ কৰিছে যে দীর্ঘদিন ধৰি কিম সংজ্ঞাহীন অৱস্থাত আছে৷ এই সকলো সংবাদ প্রকাশ পোৱাৰ অন্তৰালত আছে ৰাজহুৱা অনুষ্ঠানত কেইবাসপ্তাহ ধৰি কিম জং উনৰ অনুপস্থিতিৰ বিষয়টো৷ কিম জং উনক ৰাজহুৱাকৈ দেখা গৈছিল ১১ এপ্রিলত৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি ১১ এপ্রিলত কিমে এক বৈঠকত অধ্যক্ষতা কৰিছিল৷ কিন্তু ইয়াৰ পাছতেই দক্ষিণ কোৰিয়া, জাপান আৰু আমেৰিকাৰ সংবাদ মাধ্যমে কিম জং উন গুৰুতৰভাৱে অসুস্থ বুলি ঘোষণা কৰে৷

অৱশ্যে এই সংবাদ সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই উত্তৰ কোৰিয়াই৷ লগে লগে দেশখনৰ শীর্ষ নেতাগৰাকীৰ স্বাস্থ্য সন্দর্ভত বিভিন্ন ৰাষ্ট্রৰ সন্দেহ অধিক গভীৰ হৈ পৰে৷ ইয়াৰ মাজতে চীনে এক বিশেষজ্ঞ চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্রেৰণ কৰা বুলি সংবাদ সংস্থা ৰয়টাৰে ঘোষণা কৰে যদিও বেইজিং প্রশাসনে এই সন্দর্ভত কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই৷ ইফালে আমেৰিকাৰ উত্তৰ কোৰিয়াৰ ওপৰত নিৰীক্ষণ ৰখা ৩৮ নর্থ নামৰ সংস্থাটোৱে ঘোষণা কৰিছে যে ২১ এপ্রিলত ৱ’নছানস্থিত ‘লীডাৰশ্বীপ ষ্টেচন’ত কিম জঙৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ব্যৱহূত ৰে’লখন উপস্থিত হৈছে৷ এই ষ্টেচনটোত সাধাৰণতে কিমৰ পৰিয়াল তথা ঘনিষ্ঠ যাত্রীসকলৰ ৰে’ল ৰখোৱাৰ অনুমতি আছে৷ কিন্তু দেশখনৰ সেনাৰ দৈনন্দিন কাম–কাজ আদি নিৰীক্ষণ কৰি ৩৮ নর্থে উত্তৰ কোৰিয়াত কোনোধৰণৰ ব্যতিক্রমী কার্য ধৰা পেলাবলৈ সক্ষম হোৱা নাই৷ গতিকে কিম জঙৰ মৃত্যুক লৈ যি সংবাদ প্রকাশ পাইছে, তাৰ জৰিয়তে কেৱল বিশ্বজুৰি বিয়পিছে ৰহস্য৷ ইফালে এই সংবাদ প্রকাশ পোৱাৰ পাছতে জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সংবাদ মাধ্যমত আন এক বিষয়ক লৈ চলিছে ব্যাপক চর্চা৷ সেয়া হৈছে কিম জং উনৰ যদি মৃত্যু হৈছে, তেন্তে উত্তৰ কোৰিয়াৰ উত্তৰাধিকাৰী কোন? কোনে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ শীর্ষ নেতৃত্বত আৰোহণ কৰিব? কিম পৰিয়ালৰ কোন সদস্যই সাত দশকৰ পৰম্পৰা ৰক্ষা কৰি উত্তৰ কোৰিয়াক শাসন কৰিব? লগে লগে আহি পৰিছে কিম জং উনৰ কনিষ্ঠ ভগ্ণী কিম য়’ জঙৰ নাম৷

শীর্ষ নেতাগৰাকীৰ স্বাস্থ্যক লৈ ব্যাপক চর্চা চলি থকাৰ সময়তে কিম য়’ জং দেশখনৰ শাসনৰ উত্তৰাধিকাৰী বুলি ইতিমধ্যে চর্চিত হৈছে৷ স্মর্তব্য যে কিমৰ দৰে ভগ্ণীৰ সবিশেষ তথ্যও কোনো দেশৰ বাবে জ্ঞাত নহয়৷ কিমৰ ভগ্ণীৰ জন্ম কেতিয়া, বয়স কিমান বা শিক্ষাগত অর্হতা কি, সেয়া দেশবাসীয়েও নাজানে৷ কিন্তু বিভিন্ন সময়ত কিমৰ ছাঁৰ দৰে চলি আহিছে ভগ্ণী য়’ জং৷ ২০১৮ চনত দক্ষিণ কোৰিয়াৰ পিয়নছাঙৰ অলিম্পিকৰ সময়ত আন্তর্জাতিক মহলৰ নজৰত পৰিছিল য়’ জং৷ পিতৃ কিম জং ইলৰ অতি মৰমৰ দুহিতা য়’ জং৷ আনকি এটা সময়ত প্রচাৰ হৈছিল যে কিম নহয়, তেওঁৰ ভগ্ণীয়েহে ক্ষমতাত আৰোহণ কৰিব৷ ৱাশ্বিংটন পোষ্টৰ প্রতিবেদন অনুসৰি ছুইজাৰলেণ্ডত স্কুলীয়া শিক্ষা লৈছিল য়’ জঙে৷ ২০০০ চনৰ আৰম্ভণিতে উত্তৰ কোৰিয়ালৈ ওভতাৰ পূর্বে বেলে নৃত্যৰো প্রশিক্ষণ লৈছিল য়’ জঙে৷ ‘উত্তৰ কোৰিয়াৰ ইভানকা ট্রাম্প’ ৰূপে পৰিচিত যুৱতীগৰাকীয়ে যোৱা মাহত উল্লেখ কৰিছিল যে তেওঁৰ ভাতৃ আৰু আমেৰিকাৰ ৰাষ্ট্রপতিৰ আছে বিশেষ ব্যক্তিগত সম্পর্ক৷

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ প্রতিষ্ঠাতা তথা কিমৰ ককাকৰ জন্মদিৱসত ৰাষ্ট্রপতিগৰাকীৰ পূর্বে উপস্থিত থকা দেখা গৈছিল য়’ জঙক৷ তেতিয়াই কিমৰ স্বাস্থ্যক লৈ সৃষ্টি হয় সন্দেহ৷ ইয়াৰ সমান্তৰালকৈ উত্তৰ কোৰিয়াৰ শাসনৰ উত্তৰাধিকাৰী হিচাপে পাশ্চাত্যৰ সংবাদ মাধ্যমত শিৰোনাম লাভ কৰিবলৈ ধৰে য়’ জঙে৷ ভৱিষ্যৎ সময়েহে নির্ণয় কৰিব উত্তৰ কোৰিয়াৰ ক্ষমতাত কোন বহিব৷ কিম জং উনক লৈ বিশ্বজুৰি যি বার্তা বিয়পিছে, তাৰ সত্যতাও আগন্তুক দিনত পোহৰলৈ আহিব৷

You might also like