নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাগৰুৱাও নহয় , অৱসৰো লোৱা নাই- ভতিজালৈ বাৰ্তা খুৰাকৰ

বিশেষ বাৰ্তা, ৮ জুলাই : ‘ভাগৰুৱাও নহয়, অৱসৰো লোৱা নাই’- প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ উক্তিৰ  উদ্ধৃতি দি ভতিজা অজিত পাৱাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰে এন চি পি নেতা শাৰদ পাৱাৰে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ পিছত অজিত পাৱাৰৰ দাবী আছিল যে ‘মাৰাঠা ষ্ট্ৰংমেন’-এ এতিয়া দলটোৰ পৰা অৱসৰ লওক আৰু তেওঁৰ উত্তৰাধিকাৰ ভতিজাকক গতাই দিয়ক। সেই প্ৰসংগত শাৰদ পাৱাৰে কয় যে তেওঁৰ অৱসৰৰ কোনো প্ৰশ্নই উত্থাপন হ’ব নোৱাৰে। উল্লেখযোগ্য যে অজিত পাৱাৰে ইতিমধ্যে শাৰদ পাৱাৰ শিবিৰ এৰি ‘বিদ্ৰোহী’ বিধায়কৰ সৈতে এন ডি এ চৰকাৰত যোগদান কৰিছে। দলৰ নাম আৰু প্ৰতীকক লৈও সংঘাত আৰম্ভ হৈছে। ইতিমধ্যে শাৰদ পাৱাৰে অজিত পাৱাৰক এন চি পি দলৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁৰ সৈতে এন ডি এত যোগদান কৰা ৯জন বিধায়ককো দলৰ পৰা আঁতৰাই দিয়া হৈছে। এনে পৰিস্থিতিত সংবাদ মাধ্যমৰ আগত শাৰদ পাৱাৰে কয়- “না ভাগৰুৱা, না অৱসৰ লৈছোঁ। মোক অৱসৰ লোৱাৰ কথা ক’বলৈ তেওঁলোক কোন? মই এতিয়াও কাম কৰিব পাৰো।”

You might also like