নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলন মাস্কৰ ঘোষণাঃ এতিয়া প্ৰতিমাহে ব্লু টিকৰ বাবে ভৰিব লাগিব ধন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে শিৰোনাম দখল কৰি আহিছে। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এলন মাস্কৰ টুইটাৰ অধিগ্ৰহণৰ বাবে চুক্তি চলি আছিল, যি অৱশেষত ২৭ অক্টোবৰত চূড়ান্ত কৰা হয় আৰু ইলন মাস্কে টুইটাৰৰ দায়িত্ব লয়। এলন মাস্কৰ টুইটাৰ ক্ৰয়ৰ লগে লগে টুইটাৰৰ বহু নীতিত বৃহৎ পৰিৱৰ্তনৰ কৰিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি এতিয়া টুইটাৰত ব্লু টিকৰ বাবে ব্যৱহাৰকাৰীৰ পৰা ধন লোৱা হ’ব।

খবৰ অনুসৰি এই কথা পোহৰলৈ আহিছে যে এলন মাস্কে অতি সোনকালে টুইটাৰত ‘পে ফৰ প্লে’ ভেৰিফিকেচন চিষ্টেম আৰম্ভ কৰিবলৈ ওলাইছে। এই ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে ব্যৱহাৰকাৰীসকলে ভেৰিফিকেচন ব্লু টিকৰ বাবে প্ৰতিমাহে ২০ ডলাৰ চাৰ্জ দিব লাগিব, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১,৬৪৬ টকা।

You might also like