নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৭খন দেশলৈ বিয়পিল অমিক্রন

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: দক্ষিণ আফ্রিকাত ধৰা পৰা ক’ভিড–১৯ মহামাৰীৰ অমিক্রন ভেৰিয়েণ্ট এতিয়া বিশ্বৰ ৫৭খন দেশলৈ ব্যাপিত হৈছে৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই তথ্য৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছে সতর্কবাণী কৰিছে যে অমিক্রন প্রকৰণে ক’ভিড–১৯ মহামাৰীক নতুন মাত্রা প্রদান কৰিব পাৰে৷ গতিকে ক’ভিড প্রতিৰোধী ব্যৱস্থা কঠোৰভাৱে বিশ্বৰ প্রতিখন দেশে মানি চলিব লাগিব বুলিও সংস্থাটোৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রতিখন দেশক অমিক্রনৰ এই দ্রুত সংক্রমণৰ মোকাবিলা কৰিবলৈ নিৰীক্ষণ ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ আহ্বান জনাইছে৷ ইয়াৰ উপৰি টেষ্টিং আৰু অন্যান্য প্রতিৰোধী ব্যৱস্থাসমূহো সঠিকভাৱে প্রয়োগ কৰিবলৈ আহ্বান জনাইছে ঘেব্রিয়েছাছে৷

স্মর্তব্য যে বিভিন্ন মহলে ক’ভিডৰ এই নতুন প্রকৰণ ডেল্টা প্রকৰণতকৈ ভয়াৱহ নহ’ব বুলি উল্লেখ কৰিছে যদিও বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীত ই অধিক জটিল তথা ক্ষিপ্রতৰ প্রভাৱ পেলাব বুলি আশংকা কৰিছে৷ সংবাদ সংস্থা ঝিনহুৱাৰ প্রতিবেদন অনুসৰি দক্ষিণ আফ্রিকাৰ পৰা ইউৰোপ, এছিয়ালৈ অমিক্রনৰ সংক্রমণ অতি দ্রুতগতিত বিয়পিছে৷ এই সংক্রমণত প্রতিৰোধ লগাবলৈ পূর্বতকৈ অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ প্রয়োজন আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ কার্যবাহী সঞ্চালক মাইক ৰিয়ানে উল্লেখ কৰা অনুসৰি অমিক্রন প্রকৰণে যিকোনো মুহূর্ততে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে৷ গতিকে ক’ভিডৰ এই নতুন প্রকৰণক পূর্বতকৈ দুর্বল বুলি ভবাৰ কোনো যুক্তি নাই বুলিও ৰিয়ানে সতর্কবাণী কৰিছে৷

You might also like