আমেৰিকাত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন ১ লাখ লোক
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ আমেৰিকাক পুনৰ ক’ভিড সংক্রমণ তথা হাস্পতালত নতুনকৈ চিকিৎসাধীন লোকৰ সংখ্যাই অভিলেখ গঢ়িছে৷ বৰদিনৰ পূর্বে দেশখনত ক’ভিড আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকসকলে ঘোষণা কৰিছে৷
শেহতীয়াকৈ হাস্পতালত চিকিৎসাধীন লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ নৱেম্বৰ মাহৰ আৰম্ভণিতে ক’ভিড আক্রান্ত হাস্পতালত চিকিৎসাধীন হোৱা লোকৰ তুলনাত এই সংখ্যা দুগুণ৷
ইফালে, কালি দেশখনত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,৯৫,৬৯৫গৰাকী লোক৷ নতুনকৈ ক’ভিড আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ২,৭৩৩গৰাকী লোকে৷ দেশখনত এতিয়ালৈকে ক’ভিডত সংক্রমিত হৈছে এক কোটি ৪০ লাখ লোক৷ ইফালে, মৃত্যু হৈছে ২ লাখ ৬৪ হাজাৰৰ৷