নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ দেশ বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব : মোদী

🔹 ৫ বছৰত দেশৰ ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে

বিশেষ বাৰ্তা, ১১ আগষ্ট : মণিপুৰৰ হিংসাক লৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ প্রত্যুত্তৰ দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিৰোধীৰ অর্থনীতিৰ জ্ঞান কম বুলি সমালোচনা কৰে৷ বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতিৰ দেশত পৰিণত হোৱা ভাৰতে পৰৱর্তী ৫ বছৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ’ব ৷ বিৰোধীক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত কয়- মই নিশ্চিত যে পৰৱর্তী ৫ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব ভাৰত৷ আমি কেনেকৈ এয়া সম্ভৱ কৰিম, সেয়া সুধিবলৈ বিৰোধীক ময়েই শিকাবলগীয়া হৈছে৷ যদি কংগ্রেছে কয় সকলো নিজে নিজে হৈ যায়, তেতিয়াহ’লে ইয়াৰ অর্থ কংগ্রেছৰ নীতি নাই, দৃষ্টিভংগী নাই, আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থা বুজাৰ সামর্থ্য নাই অথবা ভাৰতৰ অর্থনীতি যে বিশ্বত শক্তিশালী হৈছে, সেয়াও তেওঁলোকৰ অৱগত নহয়৷ আনহাতে, দেশত দৰিদ্র লোকৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত ৫ বছৰত দেশত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে৷ নিটি আয়োগৰ প্রতিবেদনত এই কথা স্পষ্টভাৱে প্রকাশ পাইছে৷ আন্তর্জাতিক মুদ্রানিধি চমুকৈ আইএমএফেও ভাৰতে চৰম দাৰিদ্র্য সমাপ্তিৰ চমু চাপিছে বুলি প্রতিবেদন যুগুত কৰি আছে৷ দেশৰ যুৱপ্রজন্মই অর্থনীতিৰ ক্ষেত্রত সবল ভূমিকা গ্রহণ কৰিব পাৰে৷ ইয়াৰ বাবে আমাৰ চৰকাৰে তেওঁলোকক এক সুস্থিৰ চৰকাৰৰ জৰিয়তে সুযোগ প্রদান কৰিব লাগিব৷

You might also like