ইণ্ডোনেছিয়াত ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে কফিনৰ নাটনি
নিয়মীয়া বাৰ্তা ৭ জুলাইঃ ইণ্ডোনেছিয়াত শেহতীয়াকৈ ক’ভিড–১৯ৰ ডেল্টা প্রকৰণত প্রাণ হেৰুওৱা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত জাকার্টাৰ সমাধি ক্ষেত্রত মৃতদেহ কফিনত ৰাখি সমাধিস্থ কৰা কার্যত আহি পৰিছে সমস্যা৷ ইয়াৰ মূল কাৰণ হৈছে কফিন নির্মাতা ওলাছকাৰ কুর্বাই প্রয়োজনীয় হাৰত কফিন প্রস্তুত কৰিব পৰা নাই৷
প্রতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কফিনৰ তীব্র নাটনি হৈছে জাকার্টাত৷ কুর্বাই নিজৰ কাৰখানাত কফিন নির্মাণ কার্য অধিক ক্ষিপ্রতৰ কৰিছে৷ পূর্বৰ তুলনাত দৈনিক দুগুণলৈ বৃদ্ধি কৰা হৈছে কফিন নির্মাণ৷ তথাপি প্রতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কফিনক লৈ সৃষ্টি হৈছে হাহাকাৰ৷