ইউক্রেইনৰ হাস্পতালত অক্সিজেনৰ সংকট
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ যুদ্ধাক্রান্ত ইউক্রেইনত এইবাৰ সৃষ্টি হৈছে নতুন আশংকাৰ৷ দেশখনৰ হাস্পতালসমূহত যোগান ধৰা অক্সিজেন ইতিমধ্যেই হ্রাস পাই আহিছে৷ অর্থাৎ ৰোগীক যোগান ধৰিবলগীয়া অক্সিজেনৰ নাটনিয়ে এইবাৰ হাস্পতালসমূহক বধ্যভূমিলৈ সলনি কৰিব পাৰে৷ যুদ্ধৰ বাবে অক্সিজেন সৰবৰাহ কৰাও জটিল হৈ পৰিছে৷ যাৰ ফলত প্রাণৰ সংশয়ত পৰিছে হাজাৰ হাজাৰ ৰোগী৷ আহত সেনা জোৱানসকলৰ জীৱন ৰক্ষা কৰাটোও প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে ইউক্রেইনৰ সন্মুখত৷ ইয়াক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ সংস্থাটোৰ মুৰব্বী টেড্রোছ আধানম ঘেব্রিয়েছাছে কালি উল্লেখ কৰে যে ইউক্রেইনত অক্সিজেনৰ সৰবৰাহৰ পৰিস্থিতি অতি উদ্বেগজনক৷ অধিকসংখ্যক হাস্পতালতে অক্সিজেন প্রায় নিঃশেষ হোৱাৰ পথত৷ কেইবাখনো হাস্পতালত ইতিমধ্যে শেষ হৈছে অক্সিজেন৷ ইয়াৰ ফলত হাজাৰ হাজাৰ মানুহৰ জীৱনলৈ নামি আহিছে শংকা৷ লক্ষণীয়ভাৱে বিগত এটা মাহত ইউক্রেইনত ক’ৰোনা ৰোগীৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি অন্যান্য দুৰাৰোগ্য ব্যাধিত আক্রান্ত ৰোগীও আছে৷ গতিকে পূর্বৰ তুলনাত অক্সিজেনৰ অধিক প্রয়োজন হৈছে৷ ইয়াৰ বিপৰীতে যুদ্ধৰ ফলত অক্সিজেন সৰবৰাহ হ্রাস পাইছে হাস্পতালসমূহত৷ গতিকে নতুন সংকট নামি আহিছে সমগ্র দেশখনলৈ৷