নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত ক’ৰোনা আক্রান্তৰ সংখ্যা ৩৮ হাজাৰ অতিক্রম, ৮৩৪জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৭ মেঃ ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানতো ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ তীব্র গতিত বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত দেশখনত ১৫৮১ টা আক্রান্তৰ ঘটনা পোহৰলৈ আহিছে৷

শেহতীয়া তথ্য অনুসৰি দেশখনত ৩৮,৭৯৯ জন লোক ক’ৰোনাত আক্রান্ত হৈছে আৰু ৮৩৪ জন লোকে এই মহামাৰীত প্রাণ হেৰুৱাইছে৷ দেশখনৰ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে পঞ্জাবত ১৪,২০১টা, সিন্ধত ১৪,৯১৬টা, খাইবাৰ পাখটুনখাৱাত ৫,৬৭৮টা, বেলুচিস্তানত ২,৪৫৭টা, গিলগিট বাল্টিস্তানত ৫১৮টা, ইছলামাবাদত ২৯১টা আৰু পাক অধিকৃত কাশ্মীৰত ১০৮টা ক’ৰোনা সংক্রমণৰ ঘটনা পোহৰলৈ আহিছে৷ এই সময়ছোৱাত ১০,৮৮০জন লোকে ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে পাকিস্তান ব্যাপক ৰূপত অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ যাৰ বাবে প্রধানমন্ত্রী ইমৰান খানে কিছুমান প্রদেশত লকডাউন কিছু শিথিল কৰাৰ চিন্তা কৰিছে৷ যোৱা সপ্তাহত প্রধানমন্ত্রীজনে দেশত ৰে’লসেৱা আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থা কঠোৰ সাৱধানতামূলক নির্দেশনাৰ মাজেৰে বলৱৎ কৰাৰ চিন্তা কৰা বুলি জানিবলৈ দিছিল৷

You might also like