নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছক সমর্থন পাক চিকিৎসকৰ

🔹 আমেৰিকাত ১৮ বছৰৰ কাৰাবাস
বিশেষ বাৰ্তা, ২৭ আগষ্ট : এইচ–১বি ভিছা লৈ আমেৰিকাত কর্মৰত পাকিস্তানৰ চিকিৎসক এগৰাকীয়ে আইছিছক সমর্থন কৰাৰ অভিযোগত ১৮ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হৈছে৷ তথ্য মতে, মহম্মদ মাছুদ নামৰ ৩১ বছৰীয়া পাকিস্তানী চিকিৎসকজনে এইচ–১বি ভিছা লৈ আমেৰিকাত চিকিৎসা সেৱাত জড়িত হৈ আছে৷ চিকিৎসক মাছুদে নিজৰ বৃত্তি চলাই থকাৰ সমান্তৰালকৈ বিশ্বত্রাস জেহাদী সংগঠন আইছিছৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছিল৷ আইছিছক দেশখনৰ গোপনীয় তথ্য যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত চিকিৎসক মাছুদক ১৮ বছৰৰ কাৰাদণ্ড বিহে আদালতে৷ আমেৰিকাৰ ন্যায় বিভাগে পাকিস্তানী চিকিৎসক মাছুদৰ এই কাৰাদণ্ডৰ কথা বিবৃতিযোগে প্রচাৰ কৰিছে৷ চিকিৎসক হৈও আইছিছৰ সৈতে সম্পর্কিত হৈ থকাৰ বাবে মাছুদক গ্রেপ্তাৰ কৰাৰ পিছত আমেৰিকাত থকা পাকিস্তানী নাগৰিকৰ ওপৰত কঠোৰ নিৰীক্ষণ চলাই আছে আৰক্ষীয়ে৷

You might also like