নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত শৌচাগাৰত মৃত্যু পাইলটৰ

🔹 সহকাৰীয়ে অৱতৰণ কৰালে যাত্রীবাহী বিমান
বিশেষ বাৰ্তা, ১৮ আগষ্ট : বিমানৰ শৌচাগাৰলৈ গৈ মৃত্যুৰ কোলাত ঢলি পৰিল পাইলট৷ জৰুৰীকালীন পৰিস্থিতিত সহকাৰী পাইলটৰ চেষ্টাত বিমানখন অৱতৰণ কৰা হয়৷ আমেৰিকাৰ মিয়ামিৰ পৰা চিলি অভিমুখে যাত্রা কৰা বিমানখনত আছিল ২৭১গৰাকী যাত্রী৷ নির্বিঘ্ণে বন্দৰত অৱতৰণ কৰে বিমানখন৷ সুস্থ আৰু নিৰাপদে বিমানৰ পৰা নামি যায় যাত্রীসকল৷ বিমানখন চলাইছিল কেপ্টেইন ইভান আন্দুৰে৷ কিন্তু যাত্রাৰ কিছু সময় পিছতে আন্দুৰ অসুস্থ হৈ পৰে৷ মাজআকাশত বিমান চলোৱাৰ দায়িত্ব সহকাৰী পাইলটক দি শৌচাগাৰলৈ যায় আন্দুৰ৷ শৌচাগাৰতে মৃত্যুৰ কোলাত ঢলি পৰে কেপ্টেইন আন্দুৰ৷ ইয়াৰ পিছতে সহকাৰী পাইলটে বিমানখন পানামাৰ টকুমেন বন্দৰত অৱতৰণ কৰায়৷

You might also like