প্রধানমন্ত্রী মোদীলৈ সর্বোচ্চ অসামৰিক সন্মান ভূটানৰ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আন এক আন্তর্জাতিক সন্মান৷ চুবুৰীয়া ৰাষ্ট্র ভূটানে দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান ‘অর্ডাৰ অৱ দ্য ড্রাক গ্যালপ’ আগবঢ়াইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ৷ ভূটানৰ ৰাষ্ট্রীয় দিৱস উপলক্ষে শুকুৰবাৰে এই সন্মান ‘অর্ডাৰ অৱ দ্য ড্রাক গ্যালপ’ প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা বুলি ছ’চিয়েল মিডিয়া টুইটত ঘোষণা কৰিছে ভূটানৰ প্রধানমন্ত্রী এল শ্বেৰিঙে৷
চুবুৰীয়া ৰাষ্ট্র ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে দেশখনৰ সৈতে বর্তাই ৰখা বন্ধুত্ব আৰু সমর্থনৰ বাবেই এই সন্মান আগবঢ়োৱা হৈছে বুলিও ভূটানৰ প্রধানমন্ত্রীগৰাকীয়্ টুইটাৰত উল্লেখ কৰিছে৷ তদুপৰি ভূটানৰ প্রধানমন্ত্রীগৰাকীয়ে টুইটযোগে প্রধানমন্ত্রী মোদীক এই সন্মান আগবঢ়াবলৈ পাই অত্যন্ত সুখী বুলি ব্যক্ত কৰিছে৷ বিগত বছৰ বছৰ ধৰি বিশেষকৈ ক’ভিড–১৯ৰ সময়ছোৱাতো ভূটানলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগবঢ়োৱা সমর্থন–সহযোগিতা বাবে দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান ‘অর্ডাৰ অৱ দ্য ড্রাক গ্যালপ’ তথা ‘গাডাগ টেল গী খৰলো’ আগবঢ়োৱা হৈছে বুলি টুইটাৰত শ্বেৰিঙে প্রকাশ কৰিছে৷ তদুপৰি প্রধানমন্ত্রী কার্যালয়ে বিবৃতিত প্রকাশ কৰিছে যে এই সন্মানৰ বাবে প্রধানমন্ত্রী মোদী যোগ্য৷ ভূটানৰ জনগণৰ হৈ অভিনন্দন৷ সকলো সময়তে তেওঁক মহান, এক আধ্যাত্মিক ব্যক্তিৰ ৰূপত দেখিছোঁ৷ ব্যক্তিগতভাৱে তেওঁক সন্মান জনাবৰ বাবে উৎসুক৷
ভূটানৰ ৰজা জিগমে খেচৰ নামগ্যাল ৱাংচুকেও প্রধানমন্ত্রী মোদীলৈ দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা সন্দর্ভত কয় যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র হিচাপে তেওঁলোকৰ দেশখন সুৰক্ষিত বুলি ভাবে৷ প্রধানমন্ত্রী মোদীয়ে ভূটানৰ সৈতে গভীৰ সম্পর্ক বর্তাই ৰাখিছে৷ ইপিনে, ভূটান চৰকাৰে দেশখনৰ সর্বোচ্চ সন্মান আগবঢ়োৱাৰ পাছতে টুইটযোগে প্রধানমন্ত্রী মোদীয়ে ভূটানৰ ৰজা আৰু ভূটানৰ প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰিছে৷ ৰাষ্ট্রীয় দিৱস উপলক্ষে তেওঁলৈ এই সন্মান আগবঢ়োৱাৰ বাবে ভূটানৰ সকলো নাগৰিকক তেওঁ শ্রদ্ধা, চেনেহ যাচিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ উল্লেখ্য যে ভূটানৰ সর্বোচ্চ অসামৰিক সন্মান লাভ কৰা প্রথমগৰাকী বিদেশী প্রধানমন্ত্রী৷