নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মার্কিন ৰাষ্ট্রপতি বাইডেনৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকা যুক্তৰাষ্ট্র পালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ৰোনকালৰ মাজতে এয়াৰ ইণ্ডিয়া ৱান বিমানেৰে প্রথমবাৰৰ বাবে আমেৰিকা ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে বিমানখনৰ ভিতৰত কর্মৰত অৱস্থাৰ এখন আলোকচিত্র টুইটাৰত প্রচাৰ কৰে৷

টুইটাৰত প্রচাৰ কৰা এই আলোকচিত্রখনত বিমানৰ ভিতৰত থকা তেওঁৰ কার্যালয়ত বহি কাগজ–পত্র নিৰীক্ষণৰ সময়ত ডিঙিত আঁৰি লৈ আছিল অসমীয়া গামোচা৷ ইতিপূর্বে অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে অসমক গৌৰৱান্বিত কৰি আহিছে৷ বিমানৰ ভিতৰত কর্মৰত অৱস্থাত থকা আলোকচিত্রখন টুইটাৰত প্রচাৰ কৰি প্রধানমন্ত্রী মোদীয়ে টুইট কৰে৷

টুইটত কয়– দীঘলীয়া উৰণৰ অর্থ মানে কাগজ–পত্র আৰু কিছুমান ফাইলৰ কাম কৰাৰ সুযোগ পোৱা যায়৷ প্রধানমন্ত্রী মোদীয়ে বয়িং ৭৭৭–৩৩৭ ভি ভি আই পি বিমানৰ আলোকচিত্রখন নিজেই টুইটাৰত প্রচাৰ কৰিছে৷

ইপিনে চাৰিদিনীয়া ভ্রমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিমানবন্দৰৰ বাহিৰত বিপুল আদৰণি জনায় প্রবাসী ভাৰতীয়ই৷ প্রবাসী ভাৰতীয়ৰ মাজত অতি জনপ্রিয় প্রধানমন্ত্রী মোদীক ওচৰতে পাই প্রবাসী ভাৰতীয়ই মোদী মোদী ধ্বনি দিয়ে৷ প্রবাসী ভাৰতীয়ৰ এই আদৰণিৰ পাছত প্রধানমন্ত্রী মোদীয়ে টুইটত কয়– ৱাশ্বিংটন ডিচিত ভাৰতীয় সম্প্রদায়ে উষ্ম আদৰণি জনোৱা বাবে কৃতজ্ঞ৷ আমাৰ প্রবাসী ভাৰতীয়ই আমাৰ শক্তি৷

উল্লেখ্য যে ক’ভিড–১৯ মহামাৰীৰ বাবে এইবেলি প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয়ৰ সৈতে বিশাল জনসমাগমত অংশগ্রহণ নকৰে৷ চাৰিদিনীয়া ভ্রমণেৰে আমেৰিকাত উপস্থিত হোৱা মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রযুক্তি প্রতিষ্ঠানৰ চি ই অ’ৰ সৈতে বার্তালাপ কৰাৰ লগতে সন্ধিয়া মার্কিন উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ সৈতে বৈঠকত মিলিত হয়৷ আমেৰিকাৰ ইতিহাসত প্রথমগৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা উপ–ৰাষ্ট্রপতি হেৰিছৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বিভিন্ন প্রসংগত বার্তালাপ কৰে৷ ইয়াৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

পৰৱর্তী কার্যসূচীত জাপানৰ প্রধানমন্ত্রী যোশীহিডে ছুগাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ কাইলৈ প্রধানমন্ত্রী মোদীয়ে হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি হিচাপে বাইডেনে দায়িত্ব গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীৰ এইখনেই হ’ব প্রথম মুখামুখি বৈঠক৷

You might also like