বিদ্যুৎ যোগান ব্যাহত, অন্ধকাৰত ডুবিল সমগ্র পাকিস্তান
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিদ্যুত কর্তনৰ ফলত কালি মাজনিশাৰ পৰা অন্ধকাৰত নিমজ্জিত হয় পাকিস্তানৰ গুৰুত্বপূর্ণ চহৰ তথা বিস্তীর্ণ অঞ্চল৷ বিদ্যুৎ কর্তন পাকিস্তানত নতুন ঘটনা নহয়৷ সঘনে দেশখনত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কর্তন কৰা হয়৷ যাৰ ফলত হাস্পতালসমূহ চলিব লাগিব ডিজেল চালিত জেনেৰেটৰেৰে৷ কিন্তু কালি মাজনিশাৰ পৰা সমগ্র দেশখন অন্ধকাৰত নিমজ্জিত হোৱাৰ লগে লগে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷
দেশখনৰ শক্তিমন্ত্রী অমৰ আয়ুব খানে ছ’চিয়েল মিডিয়া টুইটাৰযোগে দেশবাসীক ধৈর্য আৰু সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাই কৈছে যে বিদ্যুৎ পৰিবাহী ব্যৱস্থাত হঠাতে আহি পৰা বিজুতিৰ বাবেই এনেদৰে বিদ্যুৎ যোগান ব্যাহত হৈছে৷ ইছলামাবাদ, লাহোৰ, কৰাচী আদি মহানগৰ মাজনিশাৰ পৰা পুৱালৈকে বিদ্যুৎ যোগান অবিহনেই থাকিবলগীয়া হৈছে৷