নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাৰ মুৰব্বী হিচাপে লিছাক বাছনি ৰাষ্ট্রপতি বাইডেনৰ

🔹 পেণ্টাগনৰ সামৰিক বাহিনীত প্রথম মহিলা
বিশেষ বাৰ্তা, ২৩ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রৰ সামৰিক বাহিনী তথা পেণ্টাগনৰ সামৰিক বাহিনীৰ মুৰব্বী পদত প্রথম মহিলা হিচাপে লিছা ফ্রান্সেটিয়ে ইতিহাস গঢ়াৰ দিশত ৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে দেশখনৰ নৌ বাহিনীৰ মুৰব্বী হিচাপে লিছা ফ্রান্সেটিক বাছনি কৰিছে ৷ আমেৰিকাৰ ষষ্ঠ সংখ্যক ফ্লিপ আৰু নৌ বাহিনীৰ দক্ষিণ কোৰিয়াত মুৰব্বী হিচাপে কার্যনির্বাহ কৰা লিছা ফ্রান্সেটিক ৰাষ্ট্রপতি বাইডেনে বাছনি কৰিছে যদিও এতিয়ালৈকে সংসদে নিশ্চিত কৰা নাই৷ অৱশ্যে ৰাষ্ট্রপতিৰ বাছনি মতেই লিছাই নৌ বাহিনীৰ মুৰব্বী হোৱাটো নিশ্চিত৷ ৩৮ বছৰীয়া লিছা ফ্রান্সেটি হৈছে দেশখনৰ চাৰি তাৰকাযুক্ত এডমিৰেল হিচাপে কৃতিত্ব লভা দ্বিতীয়গৰাকী মহিলা ৷

You might also like