নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক ভাবুকি দিয়া শক্তিৰ শিৰশ্ছেদ কৰা হ’বঃ ৰাষ্ট্রপতি জিনপিঙ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ চীনৰ কমিউনিষ্ট পার্টীৰ শতবর্ষপূর্তি উপলক্ষে আয়োজন কৰা সমাৰোহত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ঝি জিনপিঙে কালি দেশবাসীক সম্বোধি দিয়া ভাষণত কয় যে বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ বাবে এয়া অতি গুৰুত্বপূর্ণ সময়৷ দেশবাসীয়ে চীনৰ প্রগতিৰ বাবে আগবঢ়াই অহা অৰিহণাৰ কথা দোহাৰি কমিউনিষ্ট পার্টীৰ শতবর্ষীয় অনুষ্ঠানত সকলোকে শুভেচ্ছাও জ্ঞাপন কৰে জিনপিনে৷

ইফালে, চীনৰ বিৰোধী শিবিৰ হিচাপে থকা দেশসমূহলৈ সকীয়নি বার্তা দি জিনপিনে উল্লেখ কৰে যে চীনক ভাবুকি প্রদান কৰা বিদেশী শক্তিৰ শিৰশ্ছেদ কৰি দিয়া হ’ব৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি জিনপিঙৰ এই ভাষণৰ লগে লগে বিশ্বজুৰি তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ হংকঙত মানৱ অধিকাৰ উলংঘনক লৈ চীনৰ বিৰুদ্ধে আমেৰিকাকে ধৰি পাশ্চাত্যৰ দেশসমূহে কঠোৰ সমালোচনা কৰি থকাৰ সময়তে জিনপিঙে উল্লেখ কৰিছে যে চীনৰ সেনা শক্তিক অধিক সুদৃঢ় কৰি টাইৱান, হংকং তথা মাকাউক মূল ভূখণ্ডৰ সৈতে ঐক্যবদ্ধ কৰিবলৈ তেওঁ সংকল্পবদ্ধ৷

প্রসংগক্রমে ৰাষ্ট্রপতি জিনপিঙে এই কথাও উল্লেখ কৰে যে চীনৰ জনসাধাৰণে কেৱল পুৰণি পৃথিৱীক শেষ কৰিব জানে যে তেনেকুৱা নহয়, নতুন বিশ্ব গঢ়ি তুলিবও জানে চীনৰ জনসাধাৰণে৷ লক্ষণীয়ভাৱে মাও চে টুঙৰ পিছত চীনৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে এতিয়া ক্ষমতাত অধিষ্ঠিত হৈ আছে জিনপিং৷ জিনপিং ক্ষমতাত অহাৰ পিছতে দুর্নীতিমুক্ত চীন গঢ়াৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ভ্রষ্টাচাৰ আৰু দুর্নীতিত লিপ্ত থকা বহু জ্যেষ্ঠ আমোলা তথা বিষয়া শস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাষ্ট্রপতি জিনপিঙৰ কঠোৰ স্থিতিৰ বাবে৷ নিজৰ ভাষণত নেতাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে চীনক মাত্র সমাজবাদেহে আগবঢ়াই লৈ আহিছে৷

স্মর্তব্য যে ক’ভিড–১৯ মহামাৰী য়ুহানৰ পৰীক্ষাগাৰৰ পৰা বিশ্বজুৰি বিয়পি পৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগ অব্যাহত থকাৰ সময়তো জিনপিং আন্তর্জাতিক মঞ্চত একপক্ষীয়ভাৱে কঠোৰ স্থিতিত অটল হৈ আছে৷ কমিউনিষ্ট পার্টীৰ শতবর্ষীয় অনুষ্ঠান বিগত কেইবাদিন ধৰি চীনৰ বিভিন্ন চহৰত বর্ণাঢ়্য কার্যসূচীৰে চলি আছে৷

You might also like