বাইডেনৰ পত্নী–কন্যাসহ ২৫ আমেৰিকানৰ বিৰুদ্ধে ৰাছিয়াৰ নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ২৯ জুন: ইউক্রেইনৰ ওপৰত আক্রমণ আৰম্ভ কৰাৰ পূর্বৰে পৰা ৰাছিয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে আমেৰিকাই৷ ইয়াৰ প্রত্যুত্তৰ হিচাপে হোৱাইট হাউছ প্রশাসনৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা গ্রহণ কৰি আহিছে মস্কো প্রশাসনে৷ এইবাৰ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন অধিক কঠোৰ হৈছে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন তথা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে৷ ৰাছিয়াই বাইডেনৰ পত্নী, কন্যা, আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা কেইবাগৰাকীও ছিনেটৰৰ বিৰুদ্ধে আৰোপ কৰিছে নিষেধাজ্ঞা৷ এই তালিকাত আটাইতকৈ শীর্ষত আছে মার্কিন ফার্ষ্ট লেডী জিল বাইডেনৰ নাম৷
ৰাছিয়াৰ বিদেশ মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰিছে যে ৰুছ ৰাজনৈতিক ব্যক্তিত্ব আৰু জনপ্রিয় চেলিব্রেটীসকলৰ বিৰুদ্ধে আমেৰিকাই নিষেধাজ্ঞা বৃদ্ধি কৰিছে৷ ইয়াৰ প্রতিক্রিয়া হিচাপে ৰাছিয়াই ২৫গৰাকী মার্কিন নাগৰিকৰ ওপৰত আৰোপ কৰিছে কঠোৰ নিষেধাজ্ঞা৷ এই তালিকাত বাইডেনৰ পত্নী আৰু দুহিতাৰ উপৰি ছিনেটৰ ছুছান কলিন্স, কার্ষ্টেন হিলিব্রেণ্ড, চালর্ছ গ্রাছলি আদিৰ নামো আছে৷ ইয়াৰ উপৰি কেইবাগৰাকীও অধ্যাপক–গৱেষকৰ বিৰুদ্ধেও আৰোপ কৰা হৈছে নিষেধাজ্ঞা৷