নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী বিধি ভংগৰ অভিযোগ প্রিয়ংকাৰ বিৰুদ্ধে

বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ বিৰুদ্ধে নির্বাচনী বিধি ভংগৰ অভিযোগ আনিছে বিজেপিয়ে৷ অলপতে মধ্যপ্রদেশৰ মাণ্ডালাত নির্বাচনী প্রচাৰৰ সময়ত শিক্ষার্থীসকলক বৃত্তি প্রদানৰ প্রতিশ্রুতি দিছিল প্রিয়ংকাই৷ কংগ্রেছ ক্ষমতালৈ আহিলে স্কুলীয়া শিক্ষার্থীসকলক মাহিলি ১৫০০ টকা পর্যন্ত বৃত্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ লক্ষণীয়ভাৱে নির্বাচনৰ সময়সূচী ঘোষণাৰ পিছত প্রিয়ংকাই এই প্রতিশ্রুতি দি নির্বাচনী বিধি ভংগ কৰা বুলি অভিযোগ আনিছে বিজেপিয়ে৷ ইতিমধ্যে দলটোৱে নির্বাচন আয়োগক প্রিয়ংকাৰ বিৰুদ্ধে অভিযোগ দিছে৷

You might also like